Nojoto: Largest Storytelling Platform
nojotouser2156555102
  • 18Stories
  • 24Followers
  • 120Love
    374Views

BISHNU NARAYAN DAS

শব্দ বোৰে মনৰ মাজত আউল লগায় বৰকৈ

https://youtu.be/w7S4fp4eTLs

  • Popular
  • Latest
  • Video
d57b7b38b5ebbd57e40990679c3afc8d

BISHNU NARAYAN DAS

      সৰু মানুহ সৰু কথা। সৰু মানুহ সৰু আশা। সৰু মানুহ সৰু সপোন। সৰু মানুহ সৰু জীৱন।সৰু মানুহ সৰু কাম। সৰু মানুহ সৰু দাম। সৰু মানুহ সৰু দান। সৰু মানুহ সৰু গান।সৰু মানুহ সৰু ভাষা। সৰু মানুহ সৰু ঘোষা। সৰু মানুহ সৰু বঁটা। সৰু মানুহ সৰু লোটা। সৰু মানুহ সৰু আসন। সৰু মানুহ নদন বদন। সৰু মানুহ সৰু হাত। সৰু মানুহ সৰু মাত। সৰু মানুহ সৰু হাট। সৰু মানুহ সৰু জাত। সৰু মানুহ সৰু জাতি। সৰু মানুহ সৰু ভেটি। সৰু মানুহ সৰু গতি। সৰু মানুহ সৰু মতি। সৰু মানুহ সৰু মত। সৰু মানুহ সৰু গত। সৰু মানুহ সৰু গণিত। সৰু মানুহ সৰু গন্দিত।সৰু মানুহ সৰু হাট। সৰু মানুহ সৰু ঘাট। সৰু মানুহ সৰু পাত। সৰু মানুহ সৰু লাট। সৰু মানুহ সৰু গাঁঠি। সৰু মানুহ সৰু জাঠি। সৰু মানুহ সৰু বাস। সৰু মানুহ সৰু ৰাস। সৰু মানুহ সৰু ঠোট। সৰু মানুহ সৰু ফোট। সৰু মানুহ সৰু আক। সৰু মানুহ সৰু জাক। সৰু মানুহ সৰু পাতি। সৰু মানুহ সৰু মাটি। সৰু মানুহ সৰু মন। সৰু মানুহ সৰু ঠন। সৰু মানুহ জন জন। সৰু মানুহ সৰু ৰণ। সৰু মানুহ সৰু মান। সৰু মানুহ সৰু যান। সৰু মানুহ সৰু দ'ল। সৰু মানুহ সৰু বল। সৰু মানুহ সৰু জ্ঞান। সৰু মানুহ সৰু টান। সৰু মানুহ সৰু নীতি। সৰু মানুহ সৰু বাতি। সৰু মানুহ সৰু বাঁহ। সৰু মানুহ সৰু সাহ।

©bishnu
  #Dhund
d57b7b38b5ebbd57e40990679c3afc8d

BISHNU NARAYAN DAS

                      কিছুমান ভালপোৱা ভালপোৱা। কিছুমান ভালপোৱা ৰৈ যোৱা। কিছুমান ভালপোৱা চুই চোৱা। কিছুমান ভালপোৱা হেঁপাহৰ। কিছুমান ভালপোৱা অকলশৰীয়া। কিছুমান ভালপোৱা ক'ব নোৱাৰা। কিছুমান ভালপোৱা বচাব নোৱাৰা। কিছুমান ভালপোৱা বুজাব নোৱাৰা। কিছুমান ভালপোৱা আউল লগা। কিছুমান ভালপোৱা এৰাব নোৱাৰা। কিছুমান ভালপোৱা সহিব নোৱাৰা। কিছুমান ভালপোৱা অনুমান কৰিব নোৱাৰা। কিছুমান ভালপোৱা দেখিব নোৱাৰা।

               জীৱণত ভালপোৱা লাগে প্ৰতিজন মানুহক জীয়াই থাকিবলৈ । জীৱণত প্ৰতিজন মানুহক ভালপোৱা লাগে জীৱণটো আগুৱাই নিবলৈ।  জীৱণত ভালপোৱা লাগে ভালপাবলৈ। জীৱণত ভালপোৱা লাগে সময় কটাবলৈ। জীৱণত ভালপোৱা লাগে সময় কটাবলৈ। জীৱণত ভালপোৱা লাগে হাহিঁ ধেমালিৰ মাজেৰে আনন্দ কৰিবলৈ। জীৱণত ভালপোৱা লাগে কাৰোবাৰ কোলাত মূৰ থৈ কান্দিবলৈ, অকণমান জিৰণি লবলৈ,দুআষাৰ কথা হ'বলৈ। জীৱনত ভালপোৱা লাগে ভাগ-বিতৰণ কৰিবলৈ। জীৱণত ভালপোৱা লাগে মোবাইলত অতিবাহিত কৰিবলৈ।

©bishnu
  #Behna
d57b7b38b5ebbd57e40990679c3afc8d

BISHNU NARAYAN DAS

d57b7b38b5ebbd57e40990679c3afc8d

BISHNU NARAYAN DAS

কিমান ভাল পােৱা দিলে

কাৰোবাৰ ভালপোৱা খিনি পাব পাৰি, 

কিমান ভাল পােৱা দিলে

কাৰোবাৰ ভালপোৱা জন হ'ব পাৰি, 

কাৰোবাৰ অন্তৰত বাহ বান্ধিব পাৰি

কিমান ভাল পালে। 

কাৰোবাৰ অন্তৰত থকা বিষাদতা চুব পাৰি

কাৰোবাৰ হৃদয়ৰ গভীৰতা জুখিব পাৰি

কাৰোবাৰ হৃদয়ৰ পৰিসীমা জুখিব পাৰি

কিমান ভাল পালে ? 

কাৰোবাৰ প্ৰিয়তম হ'ব পাৰি

কিমান বিষাদতা দিলে

কাৰোবাৰ হৃদয় গলাব পাৰি

কিমান কি দিলে

কাৰোবাৰ অন্তৰৰ কথাবোৰ জানিব পাৰি

কিমান ভাল পােৱা দিলে । 

কাৰোবাৰ লগত সম্বন্ধ গঢ়িব পাৰি

কি সেতুৰে বান্ধিলে

সৰ্ম্পক এটা দীঘলীয়া কৰিব পাৰি

আদান-প্ৰদান কৰিব পাৰি ভাৱৰ

কিমান ভাল পালে ? 

কাৰোবাৰ জীৱনৰ পাঠবোৰ পঢ়িব পাৰি

কাৰোবাৰ জীৱনৰ লগত

নিজৰ জীৱন মিলাব পাৰি

কিমান ভাল পালে ? 

কাৰোবাৰ দুভৰিৰ খোজৰ সৈতে

খোজ মিলাব পাৰি

কিমান ভাল পালে ? 

কি গান গালে

কাৰোবাক জীয়াই থকাৰ প্ৰেৰণা দিব পাৰি

কি কথা ক'লে

কাৰোবাক জানিব পাৰি

বুকুৰ আবেগবোৰ দিলে

পাৰি নে কাৰোবাৰ ভালপোৱা পাব

কিমান ভাল পালে

তুমি-মই জীৱন গঢ়াৰ স্বপ্ন দেখিব পাৰি

কিমান, কিমান ভাল পালে ?  #meltingdown
d57b7b38b5ebbd57e40990679c3afc8d

BISHNU NARAYAN DAS

 ওৰেতো নিশা কবিতা লিখিম

তোমাৰ নামেৰে

ওৰেটো নিশা গান লিখিম

তোমাৰ সুৰেৰে

ওৰেটো নিশা আকিঁ দিম

তোমাৰ হাহিঁৰে

কেৱল তুমি তুমি তুমি

ক্ষত বিক্ষত হৃদয়ৰ মোৰ

তুমিয়েই সেউজবুলীয়া সপোন

আশাহত জীৱনৰ তুমিয়েই

মোৰ অনুভৱৰ মিঠা আলোৰন

প্ৰতিটো নিশা মই

সপোন দেখো তোমাৰ

প্ৰতিটো পুৱা মোৰ

সপোনবোৰ নহয় দিঠক

তোমাৰ কথা ভাৱো

নিৰন্তৰেই ভাৱো

কাৰণ তুমি যে মোৰ

ক্ষত বিক্ষত হৃদয়ৰ

শেৱালিবুলীয়া সুকোমল জোনাক

প্ৰভাতী সুৰুষৰ সুকোমল

আভা তুমি মোৰ

❤❤❤❤❤ #CalmingNature
d57b7b38b5ebbd57e40990679c3afc8d

BISHNU NARAYAN DAS

৪ 
বোজাবোৰ আমাৰ বাঢ়ি যায়
কোনো দিন নকমে সেইবোৰ বাঢ়ি যায়
সিহঁতে কিন্তু নচুৱাবলৈ নেৰে
কেৱল নিৰন্তৰে নচুৱাই যায়
বোজাবোৰ জাপি যায়
আমাক ভাৰাক্ৰান্ত কৰি যায় অবিৰাম
সিহঁত সুখী নহয় আমাৰ সুখক লৈ 
সিহঁত সুখী হয়
আমাক ভাৰাক্ৰান্ত কৰি
বোজা জাপি জাপি...... #sunlight  #Assamese
d57b7b38b5ebbd57e40990679c3afc8d

BISHNU NARAYAN DAS

৩ 
আমি ভাৰাক্ৰান্ত নহ'ম কিয়
আমাৰ পিঠিত যে
কঢ়িয়াব নোৱাৰা একোটা বোজা, 
চাবুকৰ কোব পিঠিত, 
যেন এই মাত্ৰ তেজেৰে ৰাঙলী হ'ব
আমাৰ মলিয়ন কামিজ বোৰ
সিহঁতে ৰঙ চাই
আমাক ভাৰাক্ৰান্ত কৰি। #LastDay #Assamese
d57b7b38b5ebbd57e40990679c3afc8d

BISHNU NARAYAN DAS

২
আমি ভাৰাক্ৰান্ত
জীৱনক লৈ, 
আমি ভাৰাক্ৰান্ত
উপাৰ্জনক লৈ, 
আমি ভাৰাক্ৰান্ত
পৰিয়ালক লৈ, 
আমি ভাৰাক্ৰান্ত
আমাৰ সপোন বোৰক লৈ
আপুনি মই কিমান ভাৰাক্ৰান্ত
এবাৰ ভাৱক
নে আপুনি কথাবোৰ ভাবিবলৈ য়ে
এৰি দি গতিত খোজ মিলাইছে । #darkness #Assamese
d57b7b38b5ebbd57e40990679c3afc8d

BISHNU NARAYAN DAS

ভাৰাক্ৰান্ত
          ১
মই আজি ভাৰাক্ৰান্ত
কি ! 
মোৰ দৰেও আপুনিও ভাৰাক্ৰান্ত, 
আপোনাৰ মোৰ দৰে বাৰু আৰু কিমান জন ভাৰাক্ৰান্ত ওলাব
এজন, দুজন, তিনিজন
এশ জন, হাজাৰ জন, লাখ জন,
কি! 
কি কোটিৰ ঘৰত ওলাব
আপুনি ঠিকেই কৈছেতো
নে? 
ভাৰাক্ৰান্ত হৈ আপুনি মতিভ্ৰম হেৰুৱাইছে
আপুনি মই ভৱাৰ দৰে কথাবোৰ ইমান সহজ নহয়
আমাক পুতলা সজায় সিহঁতে
আৰু ৰছীডাল ধৰি ধৰি সিহঁতে আমাক নচুৱাই
যেনেদৰে সিহঁতৰ মন যায়
তেনেদৰেই আমাক নচুৱাই। #Assamese
d57b7b38b5ebbd57e40990679c3afc8d

BISHNU NARAYAN DAS

ggfhj

ggfhj #story

loader
Home
Explore
Events
Notification
Profile