Nojoto: Largest Storytelling Platform
nojotouser6329284743
  • 20Stories
  • 24Followers
  • 144Love
    59Views

poetry upasana

#poem#lover#❤️FillenGs.. Hopefully..

  • Popular
  • Latest
  • Video
e5bf2022d59bef3a93f54c4af6085ada

poetry upasana

(অণুগল্প)

          "বৰষুণজাক"
  
ববিতাই খৰধৰকৈ মহাজনৰ ঘৰৰ কামকেইটা কৰি আজৰি হয় মানে আকাশত ক'লা ডাৱৰ ছাটিয়ে ঘৰ বান্ধিলে।ববিতাৰ চিন্তা দুগুণে বাঢ়িল ঘৰত ল'ৰা ছোৱালীকেইটা অকলে আছে।কামকেইটা শেষ কৰি বৰষুণৰ আগে আগে  ঘৰ পালেই ৰক্ষা।বিজুলী-ঢেৰেকণিৰে,গুজৰি গুমুৰি আহিলেই বৰষুণজাক।ববিতা যেন ক'লা মেঘবোৰৰ পাছে পাছে গৈ আছে।এই এটোপ,দুটোপ বৰষুণ পৰো পৰো।ঘৰৰ চালিখনৰ অৱস্থাটো বৰ বেয়া।বতাহে চাগৈ কোবাইছে টিনবোৰ।কথাবোৰ ভাবি ভাবি ববিতাই পিৰালিত ভৰি থৈ ল'ৰা-ছোৱালীহালক দেখি এক শান্তি লভিলে।লাহে লাহে ক'লা মেঘবোৰে বৰষুণজাকক দূৰলৈ উৰুয়াই লৈ গৈছে।বতাহজাকেও বাট দেখুৱাই নিছে।
       ববিতাই আকাশত চকু ফুৰাই মনতে ভাবিলে--"বৰষুণজাক গ'লগৈ"!

©poetry upasana #assameselanguage
e5bf2022d59bef3a93f54c4af6085ada

poetry upasana

#love❤ 
#mohabbatein

love❤ #mohabbatein

e5bf2022d59bef3a93f54c4af6085ada

poetry upasana

"অভিমানবোৰ"
________________

হেৰৌ অভিমানী ল'ৰাটো
তোৰ কলিজাতো ধাৰলৈ
দিবি নেকি এদিন?
কিমান দামত নিলাম কৰিবি?
মোৰ প্ৰেমিক হ'ব নিবিচাৰ
জানো তই!
আহিবি এদিন লগ হ'ম দুয়ো
হেৰুৱা নদীৰ ঘাট বিচাৰি।।।

                     ©উপাসনা ৰাজখোৱা #Love
e5bf2022d59bef3a93f54c4af6085ada

poetry upasana

"অভিমানবোৰ"
________________

হেৰৌ অভিমানী ল'ৰাটো
তোৰ কলিজাতো ধাৰলৈ
দিব নেকি এদিন?
কিমান দামত নিলীমকৰিবি?
মোৰ প্ৰেমিক হ'ব নিবিচাৰ
জানো তই!
আহিবি এদিন লগ হ'ম দুয়ো
হেৰুৱা নদীৰ ঘাট বিচাৰি।।।

                     ©উপাসনা ৰাজখোৱা #Love
e5bf2022d59bef3a93f54c4af6085ada

poetry upasana

"অভিমানবোৰ"
________________

হেৰৌ অভিমানী ল'ৰাটো
তোৰ কলিজাতো ধাৰলৈ
দিব নেকি এদিন?
কিমান দামত নিলীম কৰিবি?
মোৰ প্ৰেমিক হ'ব নিবিচাৰ
জানো তই!
আহিবি এদিন লগ হ'ম দুয়ো
হেৰুৱা নদীৰ ঘাট বিচাৰি।।।


                     ©উপাসনা ৰাজখোৱা #Love
e5bf2022d59bef3a93f54c4af6085ada

poetry upasana

"পলম নকৰিবা"
________________

আহিবা এদিন মোৰ হৃদয়ৰ জুপুৰিলৈ
চাই যাবাহি,
বিশ্বাসঘাটকতা আৰু স্বাৰ্থপৰ মানুহবোৰে
দিয়া ঘাঁবোৰক কেনেকৈ 
হাঁহিৰে লুকুৱাই ৰাখিছো।
আহিবা এদিন 
নিস্বাৰ্থ মৰম-ভালপোৱাবোৰ
কেনেকৈ অভাৱ নোহোৱাকৈ ৰাখিছো
চাই যাবাহি।
আহিবা এদিন 
তুমি য'ত এৰি গেছিলা
সেই পথতেই কেনেকৈ
অপেক্ষা কৰি আছো তোমালৈ..
বছৰৰ পাছত বছৰ।
চাই যাবাহি।
পলমকৈ হ'লেও আহিবা এদিন
চাই যাবাহি ,
শেষবাৰলৈ মোৰ দুচকুত
তোমাৰ বাবে থকা ভালপোৱাবোৰক।।।

                   --উপাসনা ৰাজখোৱা
e5bf2022d59bef3a93f54c4af6085ada

poetry upasana

"মোৰ ষ্টেটাছত তুমি"
____________________

আজি তোমাক মোৰ ষ্টেটাছত
ৰাখিম..
বহুতেই আমাক শুভকামনা জনাব
বহুতেই সমালোচনাও কৰিব,
বহুত জ্জ্বলিবও।
তথাপিও তোমাক ষ্টেটাছত ৰাখিম
ময়ো চাম আজি 
মোৰ ষ্টেটাছত তোমাক দেখি তুমি,
কেনে অনুভৱ কৰা!
খং নকৰিবা কিন্তু?
তুমিয়েইচোন কোৱা
"মোকো তোমাৰ ষ্টেটাছত 
ৰাখা না এবাৰ বুলি"।।।

             ---উপাসনা ৰাজখোৱা
 #Phone
e5bf2022d59bef3a93f54c4af6085ada

poetry upasana

"পুৰণি ডায়েৰিখন"
_____________________

দুবছৰ পুৰণি ডায়েৰিখন হাতত 
তুলি ল'লো।
অচিন দুখ এটাই হেচাঁ মাৰি ধৰিল!
কিবা উত্তেজনাত গাৰ নোম
শিঁয়ৰি উঠিল।
উমান পালো আপোন  মানুহবোৰে
দিয়া কষ্টবোৰে কিমান দুখ
দিব পাৰে মনত!
বিশ্বাসৰ জৰী দাল কিহৰ অভাৱত
ভাগি যাব পাৰে!
সাত্ত্বনা দিলো মনক
"অতীতবোৰ" অতীতেই
সি কেতিয়াও ভৱিষ্যত হ'ব নোৱাৰে।
মুখত হাঁহি পিন্ধি
বৰ্তমানক আঁকুৱালি ল'লো দুহাতত।।।


                ---উপাসনা ৰাজখোৱা @Assamesethoughts#

@Assamesethoughts#

e5bf2022d59bef3a93f54c4af6085ada

poetry upasana

"অনুভৱ--৪"
_____________________
বিচ্ছেদৰো থাকে ভাগ
তাৰেই এটা ভুল বুজাবুজি।
আৰু আনটো সন্দেহ
বুজাবুজি ৰাখা সম্পৰ্ক 
সদায় টিকিব।
সন্দেহক,আঁতৰাই দিয়া
জীৱন সুন্দৰ হ'ব।।।


                     ✍️©উপাসনা ৰাজখোৱা #dearzindgi
e5bf2022d59bef3a93f54c4af6085ada

poetry upasana

"নায়িকা হ'ব খোজো"
__________________________
মই যদি কোনো চলচ্চিত্ৰৰ
নায়িকা হ'লোহেঁতেন,
মোৰ লাৱণ্যময়ী দুচকুৰ চাৱনিৰে
হাজাৰ প্ৰেমিক বন্ধুৰ
নিশা টোপনি সৰিলো হেঁতেন।
মোৰ দুপাট্টাৰ আঁৰত ধৰি ৰাখিলোহেঁতেন
হাজাৰজন অনুৰাগীৰ তালিকা।
ওঁঠৰ ফাকেৰে নিগৰি অহা হাঁহিটোৰে
জিনিলোহেঁতেন হাজাৰজনৰ..
 আবেগভৰা হৃদয়।
 মই যদি নায়িকা হ'লোহেঁতেন।।।
                    © ~উপাসনা ৰাজখোৱা~ #step
loader
Home
Explore
Events
Notification
Profile