Nojoto: Largest Storytelling Platform
laxmankumar4453
  • 18Stories
  • 56Followers
  • 125Love
    3.8KViews

Laxman Kumar

  • Popular
  • Latest
  • Video
f7dae36d92cc8573c6fcce7a83c79b79

Laxman Kumar

সময়ৰ বোকোচাত উঠি
কোন আহে 
কোন গুচি যায়
সোঁৱৰণিৰ বাটত মাথোঁ ৰৈ যায়
নিভাঁজ স্মৃতি!!
  
               ( -লক্ষ্মণ কুমাৰ) #Life#thinking #Quote#love#life #Memories#life
f7dae36d92cc8573c6fcce7a83c79b79

Laxman Kumar

kothabur....

kothabur....

f7dae36d92cc8573c6fcce7a83c79b79

Laxman Kumar

সৌ পাহাৰটো দেখিছা.....
সকলো পাহৰি
হেৰাই যাবলৈ মন গৈছে 
সেউজীয়াৰ বুকুত !!

এই যেন হেৰাই যাম
বুকুত এখন পাহাৰ লৈ
দুয়ো দুয়োতে বিলীন হৈ..... #poem #life
f7dae36d92cc8573c6fcce7a83c79b79

Laxman Kumar

Some People feel the rain 
Others just get wet.
                          --- Bob Marley.
 
বৰষুণ...বৰষুণ....
হেঁপাহৰ বৰষুণ.....

যি আকাশত বিজুলী চমকে
সেই আকাশেদিয়ে জিৰজিৰকৈ নামি আহে
বৰষুণৰ টোপাল

বৰষুণ মোৰ প্ৰিয় শব্দ
বৰষুণ মোৰ প্ৰিয় গান
বৰষুণ মোৰ প্ৰিয় উৎসৱ
বৰষুণ মোৰ নিসংগতাক শুৱনি কৰা শুৱনি নাৰী!

বুকুৱে বুকুৱে বাজি উঠক
বৰষুণৰ সুমধুৰ গান
গুণগুণ...গুণগুণ..........!!

                                                                               @লক্ষ্মণ কুমাৰ #rain
f7dae36d92cc8573c6fcce7a83c79b79

Laxman Kumar

দুচকুত সপোন
ওঁঠত গান
বুকুত সেউজীয়াৰ বান

 জী আছোঁ এনেকৈয়ে
অকলশৰে...... জী আছোঁ......

জী আছোঁ......

f7dae36d92cc8573c6fcce7a83c79b79

Laxman Kumar

ক'ত পাবা সেই মনালিছা হাঁহি

ক'ত পাবা সেই মনালিছা হাঁহি
জীৱন নৈয়েদি উজাই গ'লেই দেখিবা
কেঁকুৰিয়ে কেঁকুৰিয়ে কিমান মৰাসুঁতি

কিমান ঢৌৱে কঁপাই তোল
এখন শান্ত শীতল বুকু!

সময়ৰ আঁচল ধৰি
ঘাটে ঘাটে চকুপানীবোৰ এৰি আহিলেও
মুখত সেই একেই আৰ্টিফিচেল হাঁহি

ক'ত পাবা সেই মনালিছা হাঁহি

দুখৰ দিনলিপি লিখি লিখিও 
যি ভাগৰি পৰা নাই
সৰি পৰা নাই 
হাতৰ মুঠিৰ পৰা গোলাপৰ পাহি
তেওঁৰ মুখতেই বিচাৰি পাবা
সেই মনালিছা হাঁহি #কবিতা #poem

#কবিতা #poem

f7dae36d92cc8573c6fcce7a83c79b79

Laxman Kumar

বুকুৰ পাৰ ভাঙি গুচি যাওক
সুখ আৰু হাঁহি
গুচি যাওক সমস্ত ৰং..

দুখ নাই......

জীৱন থকা মানেই
বুকুত বাজি থাকিব সপোনৰ মিঠা বাঁহী

     আশাৰ ৰুমালেৰে মচি পেলাম
       মোৰ সমস্ত চকুপানী.....
     
                                                   @লক্ষ্মণ কুমাৰ #alone #happy
f7dae36d92cc8573c6fcce7a83c79b79

Laxman Kumar

ওঁঠত তাইৰ সুৰীয়া গান
দুচকুত তাইৰ সেউজ সপোন

তাই জীৱন ভালপোৱা ছোৱালী...

দুখৰ বৰষুণে মচি পেলাব নোৱাৰে
তাইৰ দুচকুৰ কাজল


বুকুত তাইৰ বাজি থাকে
 ভালপোৱাৰ গান

নিসংগ আবেলিবোৰত
 তাই নীৰৱে পঢ়ি থাকে 
জোনাকৰ কবিতা।
                                                 
                                                       @লক্ষ্মণ কুমাৰ #poem #feelings
f7dae36d92cc8573c6fcce7a83c79b79

Laxman Kumar

আপনার চোখে জল থাকলে, 
অশ্রুতে আনন্দ এবং হাসি সন্ধান করুন


যদি তোমাৰ দুচকুত আছে চকুপানী
চকুপানীতে বিচাৰি চোৱা
সুখ আৰু হাঁহি
                                            
                                                  @লক্ষ্মণ কুমাৰ

f7dae36d92cc8573c6fcce7a83c79b79

Laxman Kumar

এইয়াতো সময় নহয়
মুকলি পথাৰত থিয় হৈ চিলা উৰুৱাৰ

বুকুত আমাৰ কোনোকালে প্ৰশমিত নোহোৱা জুই
হাতে হাতে আমাৰ
জলন্ত পতাকা

loader
Home
Explore
Events
Notification
Profile