Nojoto: Largest Storytelling Platform

New assamese poem for child Quotes, Status, Photo, Video

Find the Latest Status about assamese poem for child from top creators only on Nojoto App. Also find trending photos & videos.

    PopularLatestVideo

Farhana

শিশুটিক শিকাব
-------------------------------------------------------------------

আপোনাৰ শিশুটিক নিশিকাব কেৱল জীৱনত
প্ৰতিযোগিতাৰ প্ৰতিযোগী হোৱা,
দেখুৱাব মানুহৰ দুখ- দুৰ্দশাবোৰ আৰু শিকাব আনৰ
দুখৰ সমভাগী হোৱা।
কেৱল সফলতাত আনন্দিত হোৱাই নহয়, শিকাব
প্ৰত্যাহ্বানৰো মুখামুখি হোৱা,
আনৰ বিফলতাক তাচ্ছিল্য নকৰা আৰু আনৰ
সফলতাত সুখী হোৱা।
শিকাব শিশুটিক জীৱনৰ সৰু সৰু ইচ্ছাবোৰ পূৰণ
হ'লেই সন্তুষ্ট হোৱা,
নিশিকাব শিশুটিক নম্বৰৰ পিছত দৌৰা, নিদিব এখন
শৈশৱ নষ্ট হোৱা ।
নলব প্ৰতিটো সময়ৰ হিচাপ, নেদেখুৱাব এনেকুৱা
সপোন‌ ধনী হোৱা,
কেৱল কিতাপৰ পাঠ মুখস্থ নকৰাব, শিকাব শিশুটিক
প্ৰকৃতাৰ্থত জ্ঞানী হোৱা।
শিকাব মানুহক সহায় কৰা মানৱতাৰ পাঠ, শিকাব
প্ৰকৃতি প্ৰেমী হোৱা,
পাৰিলে শিকাব দূৰত্ব বজায় ৰখা হিংসাৰ লগত 
আৰু শান্তিকামী হোৱা।
আকাশৰ ৰহস্যৰ কথা ক'ব, শিকাব মাটি আৰু মানুহৰ 
লগত চিনাকী হোৱা,
জোন-বেলি-তৰাক আশ্ৰয় দিয়া আকাশৰ দৰে এখন বিশাল 
অন্তৰৰ গৰাকী হোৱা।
সংঘৰ্ষৰ কাহিনী ক'ব প্ৰতিজনৰে, কৃষকৰ পৰা আৰম্ভ কৰি
মহাকাশচাৰী হোৱা,
শিকাব জীৱন যুদ্ধত হাৰ নামানিবলৈ আৰু শিকাব 
পৰোপকাৰী হোৱা।


✍️ফাৰহানা #child#teach#assamese#poetry#Nojoto

Anupama Sharma

poem for inner child

read more
mute video

Jeuti Kashyap

#Assamese poem #poem

read more
mute video

sanjit das

Assamese poem

read more
mute video

Dikshita sarmah

assamese poem

read more
mute video

Darpan Nath

assamese poem

read more
mute video

Darpan Nath

assamese poem

read more
mute video

Arpita Chetia Phukon

Assamese poem

read more
mute video

Angarika Borah

#Assamese poem

read more
মই দেখা পৃথিৱীখন সৰু
এইধৰা এখন গাঁও
য'ত জুতি লৈছো আইৰ হাতৰ পইতা ভাত মুঠিত ভোটজলকীয়া আৰু কাজি নেমুৰ সোৱাদ আৰু
ঠেটুৱৈ ধৰা শীতত জোহালৰ আগত জোপ মাৰি উম লোৱাৰ পৰতে খৰি এডালেৰে খুচৰি খুচৰি অঙঠাৰ মাজত সোমোৱা সৰু আলুগুটি..
ঘোটমৰা নিশাবোৰত চাও খিৰিকিৰে আফিঙৰ দৰে নিচা লগা জোন আৰু পুৱাবোৰত কিচিমিচি চৰাইজাকৰ কোলাহল..
মই দেখা পৃথিৱীখন সৰু..
য'ত আবেলিবোৰত উৰি ফুৰা জোনাকিপৰুৱা বোৰ মোৰ প্ৰিয় আৰু
বৰষুণ দিলে দীঘলকৈ উশাহত টানি লঁও কেঁচা মাটিৰ গোন্ধ...
--আংগাৰিকা #assamese poem

Darpan Nath

assamese poem

read more
mute video
loader
Home
Explore
Events
Notification
Profile