Nojoto: Largest Storytelling Platform

Best asomiakabita Shayari, Status, Quotes, Stories

Find the Best asomiakabita Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about pagkaing pampataba sa aso, uroniya mon song download asomi.in, aso full form, new asomi song, asomi new song,

  • 1 Followers
  • 4 Stories
    PopularLatestVideo

Nipil Moran

#অবিৰতযাত্ৰা #AbirotoYatra #AssamesePoem #asomiakabita #asomiakabita Mamta kumari Anjali Jain pinky masrani sanyogita Panday Ruchi Choudhary #Poetry

read more
mute video

Nipil Moran

আমি অসমীয়া
°°°°°°°°°°°°°°°
স্ব-ভূমিতেই ভগনীয়া-মগনীয়া
হয় আমিয়েই দুৰ্ভগীয়া ;
নিদ্ৰাহীনতাত ককবকাই
দুখে-ভাগৰে উচুপি বুকু চপৰিয়াই
ভোকে-পিয়াহে অঘৰী জীৱন-যাপনে
লাঞ্ছিত-বঞ্চিত আমিয়েই ভূমিপুত্ৰ অসমীয়া ৷

সময়ে সকীয়াই দিছে বন্ধু ;
নদীৰ পাৰত নীৰৱে বহি 
বিমৰ্ষ মন লৈ অবাটে বাট নুবুলিবা
কাৰোবাৰ তাচ্ছিল্যত সংযম নেহেৰুৱাই
নিজৰ কৰ্তব্যত মনোযোগ দিয়া ৷

দুটি পাৰৰ মাজত ঢৌ খেলি খেলি বৈ থকা
এই নদীৰ পানীত বৰশী নাবালেওটো 
বুজিছা নদীৰ গতি আৰু সময়ক ৷
এচপৰা এচপৰাকৈ গাওঁ খন দেখোন
নদীৰ সোঁতত ৷

বন্ধু আবেলি হৈছে এইয়া
বেলিটো দিগন্ত ৰেখাৰ তলৰ পানীত নাচিছে ৷
মুক্ত আকাশত সোৱা চোৱা ;
পাহাৰৰ সিপাৰে এজাক চৰাই উৰি গৈছে
ক্ষন্তেক পিচতে বেলি ডুবি আন্ধাৰ হ’ব ৷
হয়তো গাওঁবোৰত হাতী-বাঘৰ বিচৰণ হ’ব 
নষ্ট কৰিব পাৰে কাৰোবাৰ পথাৰ ভঁৰাল ,
খালি হ’ব পাৰে গোহালি গড়াল ৷
নিশাৰ নিৰ্জনতা ভেদ কৰি
ময়ূৰে চিঞৰিব ;
গঁড়ালত কুকুৰাই ডাক দিব 
আকৌ চিকুন পোৱা হ’ব ৷

কৈ থাকিলেটো শেষেই নহয়
চৌপাশৰ পৰিবেশৰ কথা 
কূটনীতিত পোত যোৱা ৷
সৰসৰকৈ বৈ যোৱা চকু পানী মচি 
দিবলৈ
কাষত চোন কোনোৱেই নাই 
আমি যে নিৰুপায় ৷

এটা কবিতা লিখিব নোৱাৰোঁ
এগৰাহ হেপাঁহেৰে খাব নাপাওঁ
এঘন্টাও চিন্তাহীন ভাৱে শুব নাপাওঁ
তথাপি স্বাধীনতাক ভাল পাওঁ
শ্ৰদ্ধাৰে পতাকা উৰাওঁ
স্বাধীনতাৰ জয় গান গাঁও ৷

***********@@@************

✍️নিপিল মৰাণ
10/08/2022
5'45 PM

©Nipil Moran #AssamesePoem 
#HeartTouching
#AsomiaKabita
#AmiAsomia

#Searching

Nipil Moran

mute video

Nipil Moran

#অনুশোচনা #AssamesePoem #Kobita #NipilMoran #নিপিল #anuhusona #realstoryofmylife #কবিতা #कविता #asomiakabita

read more
mute video


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile