Nojoto: Largest Storytelling Platform

Best SantoshVani Shayari, Status, Quotes, Stories

Find the Best SantoshVani Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about

  • 1 Followers
  • 1 Stories

Santosh Mohan phukan

অসমীয়া ল'ৰাই সেইদিনাই কান্ধত নাঙল ল'বলৈ আগ্ৰহ প্ৰকাশ কৰিব, যি দিনা এইখন অসমত খেতি কৰাই ল'ৰাই কোট পিন্ধিলে কোনেও হাহিঁবলৈ সাহস নকৰিব!

সেইদিনাই অসমৰ ল'ৰাই স্হায়ীকৈ ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিব, যি দিনা সমাজে ব্যৱসায় কৰা ল'ৰাটোক উতসা্হ দিবলৈ আৰম্ভ কৰিব!

পণ্জাৱত যদি  ল'ৰাই খেতি কৰি BMW কিনিব পাৰে, অসমত খেতি কৰি, ব্যৱসায় কৰি  উন্নতি হ'ব নোৱাৰাৰ কোনো কাৰন থাকিব নালাগে! 

 কিন্তু ইয়াত কিছু  পাৰ্থক্য আছে ! এই পাৰ্থক্য  মানুহৰ চিন্তাধাৰা  ওপৰত! 

BA, MA পাছ কৰি যেতিয়া  কোনোবা ল'ৰা ঘৰত বহি থাকে, তেতিয়া সমাজে তাক হাঁহে! ভাইটি তুমি কি কৰি আছা বুলি সুধি সুধি বিৰক্তি কৰি দিয়ে!  কিন্তু সেই ল'ৰাটোক ঘৰত বহি থাকিবলৈ বাধ্য কৰাইছে আমাৰ সমাজখনে!!  কিয়নো সমাজখনৰ দৃষ্টিত যদি কেনো ল'ৰাই উচ্চ শিক্ষা লয়,  সি খেতি নকৰে বুলি মানুহে ধাৰনা এটা কৰিয়েই পেলায়! আনকি ল'ৰাটোৱে খেতি কৰিব  বুলি শুনিলে এচামেটো হাহিঁৰ খুৰাক এটাহে পায়!

সচাঁ কথা ক'বলৈ গ'লে - আমাৰ সমাজখন ক'ৰবাত নহয় ক'ৰবাত চিন্তাৰ ক্ষেত্ৰত পিছ পৰি আছে!  অসমৰ ল'ৰাই আজি অসমত ব্যৱসায় কৰাৰ সুযোগ পালেও নকৰে! লাগিলে সি বাংগালোৰ, মুম্বাইত গৈ  8000 টকাৰ দৰমহাৰে কোম্পানীত চাকৰি কৰি থাকিব!   কিয় জানেনে? কাৰন উচ্চ শিক্ষা লৈ থোৱা আছে, কিন্তু এই সমাজৰ মানুহৰ কাৰনে সি চাকৰি কৰিবই লাগিব! ন'হলে সি এইখন সমাজত  সদায়  একেবোৰ প্ৰশ্নৰ মুখামুখী হৈ বিৰক্তি অনুভৱ কৰিব!

গতিকে একবিংশ শতিকাত থিয় হৈ এনেকুৱা কিছুমান  ঠেক মনৰ চিন্তা সমাজৰ পৰা আতৰাবৰ হ'ল! ন'হলে কৃষিজীৱি অসমীয়া  পৰিচয়টো  এদিন নাইকিয়া হৈ যাব! আৰু কৰ্ম সংস্কৃতিত অসম বহুত পিছ পৰি যাব!

#SantoshVani #CupOfHappiness


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile