Nojoto: Largest Storytelling Platform

সোণবৰণীয়া সপোনবোৰ হৃদয়ত ফুলি উঠা সময়ত... ক'ৰবাত যে

সোণবৰণীয়া সপোনবোৰ হৃদয়ত ফুলি উঠা সময়ত...
ক'ৰবাত যেন উচুপনি শুনিছো মই..! 
ক্ৰমশঃ হালধীয়া হাঁহিটিত বিৰিঙি উঠিছে প্ৰাপ্তিৰ লোতক। 

"আঘোণৰ সোণোৱালী ৰঙবোৰে আৱৰি থকা 
আপোনাক কিন্তু সঁচাকৈ বেচ শুৱনি লাগিছে।"

পাঁজিসেৰা আঙুলিৰে সৰকি.....
খোপনি পোতা স্বপ্নৰ কঠীয়াবোৰৰ এইয়া,
সেউজীয়াৰ পৰা সোণোৱালীলৈ  যাত্ৰা। 
এটুপি দুটুপিকৈ সৰি পৰা ...
হাজাৰ টোপাল উঞ্চ ঘৰ্মৰ টোপালৰ বিনিময়ত এইয়া,
তেওঁৰ বাবে হিৰণ্যময়ী প্ৰাপ্তিৰ সঁফুৰা ।
শাওনৰ ৰৌদ্ৰই ধুই পেলোৱা....
শৰীৰটিৰ কষ্টৰ বিনিময়ত এইয়া যেন ....
তেওঁৰ পৰাণটিলৈ হেমন্তই উপায়ন কৰা চেঁচা বতাহৰ টোপোলা।। 

এই সুখে ধোৱা উচুপনিবোৰ সামৰি শেষ নোহোৱা হ'লে...
হয়তো উশাহে প্ৰতিটো আঘোণত পিন্ধিলেহেঁতেন হাজাৰটা প্ৰাপ্তিৰ চোলা!!

 #সেউজীয়াবোৰ_এইয়া_সোণোৱালীলৈ_যাত্ৰা
💚💚

হালধীয়া হাঁহিটি আজিও প্ৰিয়.. 
কিন্তু আঘোণৰ সোণৰঙী সুখৰ সৈতে লীন হৈ যোৱাত.... 
সেই হালধীয়া হাঁহিটি যেন এতিয়া আৰু অধিক গাঢ় হৈ পৰিল।। 💛💛 

ফটো সংগ্ৰহ :গুগল

nojotouser9103025844

sangita

New Creator

#সেউজীয়াবোৰ_এইয়া_সোণোৱালীলৈ_যাত্ৰা 💚💚 হালধীয়া হাঁহিটি আজিও প্ৰিয়.. কিন্তু আঘোণৰ সোণৰঙী সুখৰ সৈতে লীন হৈ যোৱাত.... সেই হালধীয়া হাঁহিটি যেন এতিয়া আৰু অধিক গাঢ় হৈ পৰিল।। 💛💛 ফটো সংগ্ৰহ :গুগল #yqpoems #yqbandhoi #yqassamese #writersofassam