Nojoto: Largest Storytelling Platform

Best yqassamese Shayari, Status, Quotes, Stories

Find the Best yqassamese Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about

  • 10 Followers
  • 74 Stories
    PopularLatestVideo

Jahangir Hussain

#বালিঘৰ #yqbaba #yqbandhoi #yqassamese #yqassamesequote #yqdada life

read more
লৰালি কালত সমনীয়াৰ সৈতে
নদীৰ পাৰৰ শুকান বালিত,
সজোৱা বালিঘৰটো যেনে নদীৰ
বুকুত ৰল।

তোমাৰ লগত জীৱনৰ দুখুজ
চলাৰ সপোনটো যেন এই নদীৰ
বুকুতে জাহ গল। #বালিঘৰ #yqbaba #yqbandhoi #yqassamese #yqassamesequote #yqdada #life

sangita

#নদী_হৈ_চোৱা #yqassamese #yqbandhoi #yqbaba

read more
নদী হৈ চোৱা---
শেষহীন কাহিনীৰ উচুপনিত ছাই হোৱা,
কবিতাৰ স'তে বৈ যাব পাৰিবা।
সীমাশূন্য ঊৰ্মিক খামুচি গাব পাৰিবা......... 
জীৱন যুঁজৰ উথান- পতনৰ গান। 

সামৰিব পাৰিবা--
নীলা চিয়াঁহীৰে অঁকা বনফুলপাহিক আকুলতাৰে,
সাৱটিও পাৰিবা, 
অপ্ৰকাশিত তেজৰ কবিতাবোৰ স্নেহৰ আলিংগনেৰে।

সেয়েহে এবাৰলৈ ৰৈ যোৱা!
শুনি যোৱা মোৰ উশাহৰ সীমনাত উৰি ফুৰা,
সেউজী পখীজনীৰ কথা। 
য'ত আছে, 
সুখৰ এঙাচোলা পিন্ধা বৰ্ষীয়ান ভাৱনাবোৰৰ ইতিকথা। 
。。。。。。。。。。
পশ্চিমৰ সামৰণিৰ পৃষ্ঠাবোৰত এতিয়া,
হালধীয়া পখীৰ কুহৰণ। 
ক'ৰবাৰ পৰা ভাঁহি আহিছে শব্দ............ 
হয়তো সামৰণিৰ ' ছাইৰেন'। #নদী_হৈ_চোৱা 
#yqassamese #yqbandhoi #yqbaba

sangita

অনুভৱে ৰ'দ লোৱা ঠাইৰ সিপাৰে, 
বনফুলৰ বননিত ফুলি ৰ'ল,
এক অচিন শব্দৰ শিতান। 

যাৰ সুবাদতেই শুকুলা মেঘৰ আঁৰে আঁৰে
উৰি গ'ল সখিয়তী পখী.....।
অস্তমিত সূৰুযৰ ৰাঙলী পোহৰৰ শেষতো দেখা গ'ল, 
এটি দুটিকৈ তৰাৰ হাঁহি। 

যিয়ে পাৰে, 
ৰ'দত ভিজা হৃদয়ৰেই সিঁচি যাবলৈ, 
সুখৰ মেঘমেদুৰ।
বোৱাই নিব পাৰে নিৰৱধিভাৱে, 
এখনি শুকান সৰিৎলৈ সেউজৰঙী সুৰ।।
 ❤❤
#yqassamese #yqbandhoi #assamesepoetry

sangita

#প্ৰিয়_ব'হাগ #yqbandhoi #yqassamese সদোটিলৈ অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ❤অনাগত দিনবোৰ ৰঙালীৰ ৰঙৰ দৰেই ৰঙীল হৈ উঠক।।

read more
ব'হাগ
********************
'ব'হাগ'ৰ বুকুতেই ফুলি উঠক,
সমস্ত খামখেয়ালিৰ মাজতো এপাহি ঐক্যতাৰ ফুল। 
ব'হাগৰ বুকুতেই কোঁহ মেলক, 
সকলোৰে আকাংক্ষাৰ দিনবোৰ হৈ চিৰনতুন। 

ক্ৰমে ব'হাগৰ পৰা বহাগলৈ---! 

ব'হাগৰ পৰা ব'হাগলৈ..,
বৈ যাওঁক এখনি সুখেধোৱা নৈ।
দুৰ হওঁক সমাজৰ অসূয়া- অপ্ৰীতি, 
বাজি উঠক মাথোঁ ' ব'হাগৰ আপোন সুৰ' হৃদয়ৰ পৰা হৃদয়লৈ।। #প্ৰিয়_ব'হাগ
#yqbandhoi
#yqassamese সদোটিলৈ অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ❤অনাগত দিনবোৰ ৰঙালীৰ ৰঙৰ দৰেই ৰঙীল হৈ উঠক।।

sangita

#ফাগুন#yqassamese #yqbandhoi #AssamesePoem

read more
তেজত বিষাদ উতলা দিনবোৰৰ প্ৰান্তত ....!
সপোনৰ খাঁজে খাঁজে এটি সুৰ...।
আশাবোৰৰ ভাঁজে ভাঁজে এটি সুবাস।। 
    
অ' আকাশ তই লৈ আহ ----।
মোৰ বাবে,
ফাগুন ফাগুনলগা জীয়া কবিতা। 

শিমলুৰ ৰঙ দুগালত লাগি ধৰাৰ পিছত, 
চ'ত বাগৰি অহা বহাগৰ দিনবোৰত---
আবেগে সানিব হৃদয়ত ৰং জেতুকাবুলীয়া।।
 
#ফাগুন#yqassamese #yqbandhoi #assamesepoem

sangita

#নাৰী #Assamese-poem #অসমীয়া-কবিতা #yqassamese #yqbandhoi #yqbaba

read more
'নাৰী'--------
"নিজতেই নিজে এখনি সুগভীৰ স্ৰোতস্বিনী"।

যি বৈ যাব জানে ,
সুখৰ এমুঠন হেঁপাহ কঢ়িয়াই 
লগত লৈ এহেজাৰ দুখৰ উপনদী।। 

সখিয়তী চৰাইজাক উৰি যায়।
অদৃশ্য সীমনাৰ দক্ষিণীয়া চুবুৰীৰে আহি, 
ঘোষণা কৰি থৈ যাই পূবৰ আকাশত যে----
"সময়ে সময়ে লিখা যাব স্বাধীনভাৱে 
নীলিমাৰ বুকুত নাৰীৰ জয়গানৰ হাজাৰটা কাহিনী।। 

'নাৰী'
জীৱনৰ হাজাৰখিলা মদৰুৱা পৃষ্ঠাৰ মাজতো,
জিলিকি উঠা "এটি সুকোমল হাঁহি"।।


 #নাৰী
 #Assamese-poem
#অসমীয়া-কবিতা
#yqassamese 
#yqbandhoi 
#yqbaba

sangita

#অসমীয়া_কবিতা #yqbandhoi #yqassamese #AssamesePoem

read more
'সাহসৰ হাজাৰটা হিল্লোলে কোবাই যায়। '
বিনিময়ত ভালপোৱাৰ পৃষ্ঠাবোৰ লুটিয়াই ---
মোৰ বাবে প্ৰেমৰ উশাহবোৰত গাঁঠি থৈ যাই,
তেওঁৰেই দুটিকৈ জীৱনমুখী সাধু। 

এটি অপ্ৰতিৰোধ্য জীৱন সংগ্ৰামৰ। 
আৰু আনটি ,
সংগ্ৰামৰ একৈছজাক বৰষুণে জুৰুলি কৰি,
থৈ যোৱাৰ পিছতো হৃদয়ত জিলিকি থকা প্ৰণয়ৰ মিঠা ৰাগবিধৰ।

সাহসৰ প্ৰতিদানত-----

এপষেকত এটি মাত্ৰ প্ৰাপ্তিৰ কবিতা। 
নাই...! তাৰ বাদে কোনোকালেই একো বিচৰা নাই। #অসমীয়া_কবিতা
#yqbandhoi 
#yqassamese 
#assamesepoem

sangita

ভালপোৱাবোৰ শিপাই যায়.... হৃদয়ৰ আকলুতাৰ সিপাৰে, বিশ্বাসৰ সোৱণশিৰিৰ সুগভীৰ বুকুলৈ। "জীৱনৰ গীতবোৰে ইয়াতেই যেন লাভ কৰে সুৰসপ্তক। " প্ৰখৰ ৰ'দত পৰাণে তিতি তিতি আছে.... কাইলৈ বুলি জীৱনৰ সুখ বিচাৰি। #assamesepoetry #yqbandhoi #yqassamese #writersofassam #assameselovepoetry

read more
ভালপোৱাবোৰ শিপাই যায়.... 
হৃদয়ৰ আকলুতাৰ সিপাৰে, 
বিশ্বাসৰ সোৱণশিৰিৰ সুগভীৰ বুকুলৈ।

"জীৱনৰ গীতবোৰে ইয়াতেই যেন লাভ কৰে সুৰসপ্তক। "

প্ৰখৰ ৰ'দত পৰাণে তিতি তিতি আছে.... 
কাইলৈ বুলি জীৱনৰ সুখ বিচাৰি।

জীৱন উপন্যাস( মোৰ)!
অথচ হাঁহিৰ চৰিত্ৰটি প্ৰৱেশ কৰাবলৈ তেওঁজন ব্যস্ত হৈ আছে ...,
সুৰৰ লহৰৰ মাজত জীৱন যুদ্ধ কৰি।। ভালপোৱাবোৰ শিপাই যায়.... 
হৃদয়ৰ আকলুতাৰ সিপাৰে, 
বিশ্বাসৰ সোৱণশিৰিৰ সুগভীৰ বুকুলৈ।

"জীৱনৰ গীতবোৰে ইয়াতেই যেন লাভ কৰে সুৰসপ্তক। "

প্ৰখৰ ৰ'দত পৰাণে তিতি তিতি আছে.... 
কাইলৈ বুলি জীৱনৰ সুখ বিচাৰি।

sangita

জীয়া কাহিনীৰ উষ্মতাৰ কোবত....
সময়ৰ শুভ্ৰাবেশী পৃষ্ঠাত লাগি ধৰে ,
ক্ৰমে অযুত কবিতা।

উশাহবোৰে আকাংক্ষাৰ বকুল বুটলিবলৈহে ওলাই যায়...।
এজাৰফুলা পদূলিত থমকি যোৱাৰ প্ৰয়োজনেইবা ক'ত.....?

তথাপিও অনাকাংক্ষিতভাৱে মেৰিয়াই ধৰেই .............
আঁউসীৰ কলা স্বপ্নই..!
(যেতিয়া শৰৎৰ সুবাসিনী নিশাবোৰকো ভেঁজাল যেন লাগে। )

আক্ষেপবোৰ যেন ইয়াততেই অৰ্থহীন ।
য'ত নেকি কবিতাৰ বিননিতচোন কেতিয়াবা.....,
নিশাহবোৰে প্ৰাপ্তিৰ হুমুনিয়াহটি নোপোৱাকৈয়ে পৰাণৰ লগ এৰে..! 🖤🖤
#yqbandhoi #yqassamese #writersofassam #assamesepoetry #assameselovepoetry

sangita

প্ৰিয় 🖤🖤 অথচ,আজিও তেওঁ দৰেই হৈ আছে। হৃদয়খন আজিও পুৰণি ...! আৰু ভালপোৱাবোৰ এতিয়াও সেই তাহানিৰ...... বৰ আওপুৰণি। #yqbandhoi #yqassamese #writersofassam #assamesepoetry #assameselovepoetry

read more
দিনবোৰেও খোজ লয়... 
স্তব্ধ যেন কোনোৱেই নহয়। 

এদিন সুখৰ হালধীয়া হাঁহি তেওঁ পিন্ধিছে
আৰু এদিন মই..! 
কেতিয়াবা জীৱনে ....,
বিষাদৰ কবিতা হৈ বৰকৈ কান্দিছে(মোৰ)
কেতিয়াবা আকৌ...,
 সময়ৰ দাবীত গীতবোৰে বেদনালৈ সুৰটি সলাইছে।(তেওঁৰ)

দুখ কোনে দেখা নাই....? 
সুখৰ আভৰণ কোনে পিন্ধা নাই। 
মাজে-মাজে চক্ৰবাত এজাক..... 
উস্..! জীৱনতচোন সকলোবোৰেই আছে। 
দি আছে সময়ে জীৱনৰ এটি এটি সংজ্ঞা....
উপহাৰ হিচাপে।। 

ক্ষণবোৰ এইদৰেই গৈ আছে......... 

অথচ,আজিও তেওঁ তেওঁৰ দৰেই হৈ আছে। 
হৃদয়খন আজিও পুৰণি ...( প্ৰিয়) 
আৰু ভালপোৱাবোৰ এতিয়াও সেই তাহানিৰ...... 
বৰ আওপুৰণি। (প্ৰিয়) 
     প্ৰিয় 🖤🖤
অথচ,আজিও তেওঁ  দৰেই হৈ আছে। 
হৃদয়খন আজিও পুৰণি ...!
আৰু ভালপোৱাবোৰ এতিয়াও সেই তাহানিৰ...... 
বৰ আওপুৰণি। 
    

#yqbandhoi #yqassamese #writersofassam #assamesepoetry #assameselovepoetry
loader
Home
Explore
Events
Notification
Profile