Nojoto: Largest Storytelling Platform

Best yqbandhoi Shayari, Status, Quotes, Stories

Find the Best yqbandhoi Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos aboutlove beauty and planet, andhe love shayari, how to apply for liquor license in andhra pradesh, aadhar card download by name and date of birth, hit and run new law in hindi,

  • 14 Followers
  • 264 Stories

BIDISH GOSWAMI

#মোৰ_কবিতাৰ_প্ৰেৰণা #Collab #bandhoicollab #yqbaba #yqbandhoi #writersofassam #YourQuoteAndMine Collaborating with YourQuote Bandhoi

read more
প্ৰেমত সফল হ’ব নোৱাৰিলো পিছে কি হল,
জোন আৰু তৰাবোৰক সাক্ষী থৈ,
উজাগৰী ৰাতি, ভাৱনাৰ নাওঁ সাজি,
আকাশৰ নীলা চাদৰৰ তলত, শুৱতো পাৰিছো....
এখনি ছবি অংকিত কৰিবতো পাৰিছোঁ।

তোমাক আপোন কৰিব নোৱাৰিলো পিছে কি হল,
দেহৰ প্ৰতি ৰক্ত সিৰা উপসিৰাত,
তোমাৰ হাঁহি আৰু স্মৃতিক বুকুত বান্ধি,
সপোনৰ ভাস্কৰ্য গঢ়িবতো পাৰিছোঁ.....
দুখৰ মাজতো প্ৰাণ খুলি হাঁহিবতো পাৰিছোঁ।

বিস্মৃত কৰিব নোৱাৰিলো তোমাক পিছে কি হ’ল,
তোমাৰ সৰিয়হফুলীয়া মুখনি চাই,
নিৰ্জনে মনৰ কাৰেংত  তোমাক বিচাৰি,
জোনবাইৰ লগত গুণ গুণাবতো পাৰিছোঁ.....
তোমাৰ নামত কবিতা লিখিবতো পাৰিছোঁ।
 #মোৰ_কবিতাৰ_প্ৰেৰণা
 #collab #bandhoicollab #yqbaba #yqbandhoi #writersofassam  #YourQuoteAndMine
Collaborating with YourQuote Bandhoi

BIDISH GOSWAMI

#এটাআধৰুৱাকবিতা কলাব কৰক বান্ধৈৰ সৈতে। #Collab #bandhoicollab #Assamese #assamesequote #yqbaba #yqbandhoi #YourQuoteAndMine Collaborating with YourQuote Bandhoi

read more
যেন জীৱন পূৰ্ণ হোৱাৰ পাছতো, কিবা শূণ্যতা,
যেন মাজনিশা অনুভৱ এক ব্যৰ্থতা।


যেন কবি সংজ্ঞাবিহিন, এক জনক অৰণ্যত,
যেন পূৰ্ণিমাৰ চন্দ্ৰমা লুপ্ত, ডাৱৰৰ আবৰত। #এটাআধৰুৱাকবিতা কলাব কৰক বান্ধৈৰ সৈতে। #collab #bandhoicollab #assamese #assamesequote #yqbaba #yqbandhoi #YourQuoteAndMine
Collaborating with YourQuote Bandhoi

BIDISH GOSWAMI

আজিৰ লিখনিত নিজৰ বাবে লিখক নিজৰ মনৰ কথা নিজৰ বাবে কি ভাবে, কি বিচাৰে? #মই মোৰ কাৰণে কি বিচাৰো? #Collab #bandhoicollab #Assamese #assamesequote #yqbaba #yqbandhoi #YourQuoteAndMine Collaborating with YourQuote Bandhoi

read more
এক উত্তৰ বিহীন সাঁথৰ,
এক বঠা বিহীন নৌকা
এক আবেগ বিহীন হাঁহি।।

I am
An answerless riddle,
An oarless boat..
An emotionless smile...

 আজিৰ লিখনিত নিজৰ বাবে লিখক নিজৰ মনৰ কথা নিজৰ বাবে কি ভাবে, কি বিচাৰে? #মই মোৰ কাৰণে কি বিচাৰো? #collab #bandhoicollab #assamese #assamesequote #yqbaba #yqbandhoi #YourQuoteAndMine
Collaborating with YourQuote Bandhoi

R...🍁

#বন্ধ_কিতাপ #yqbaba #yqbandhoi #assamesequote #Assamese

read more
ব্যস্ত চহৰৰ নিজান কোণ এটাত দিনটোৰ ব্যস্ততাবোৰেও হাৰ মানে, আৰু তেতিয়াই কিজানি হুমুনিয়াহবোৰেও অচিনাকি হৈ উপহাস কৰে জীৱনক। 
    ঠিক ভিৰৰ মাজত এখন বন্ধ কিতাপ!!
 যিখন কোনেও মেলি নাচালে,
যি মেলি চালে,তেওঁ পঢ়ি নাচালে,
যি পঢ়ি চালে, তেওঁ বুজিব নোৱাৰিলে,
আৰু যি বুজিব পাৰিব, তেওঁক হয়তো লগ পোৱাই নহ'ল! 
 #বন্ধ_কিতাপ #yqbaba #yqbandhoi #assamesequote #assamese

R...🍁

বকুলৰ সুবাসত এমোকোৰা হাঁ‌হি.... #yqbaba #yqbandhoi #yqassamese #assamesequote #assamesewriters #Assamese #অসমীয়া_অনুভৱ #বকুল

read more
ঐ শুনাচোন,
যদি মই কও,তোমাৰ ক'লা কোটটোৰ বাওকাষৰ কোণ এটাত অজানিতে মোৰ হৃদয়খন এৰি আহিলোঁ,
তেন্তে চিনাকি চহৰৰ এই অচিনাকি বাটটোত এবাৰলৈ বাৰু  ৰ'বানে? 
  দুখৰ কাৰণ নুসোধো বাৰু; কিন্তু
  কথা দিছো, যাবৰ পৰত এমুঠি বকুলৰ সুবাস গাঠি পঠিয়াম দুচকুত। 
      বকুলৰ সুবাসত এমোকোৰা হাঁ‌হি....
#yqbaba #yqbandhoi #yqassamese #assamesequote #assamesewriters #assamese #অসমীয়া_অনুভৱ #বকুল

R...🍁

#মাজনিশা #yqbaba #yqbandhoi #Assamese #অৱহেলা

read more
মাথোঁ কেইটামান দিন,তাৰপাছত
সেইদিনা  এই চহৰত মোৰ শেষ ৰাতি হ'ব,
  চকুৰ কোণ দুটা সেমেকি থাকিব, 
এবুকু বোজাৰে ভাগৰি পৰিম হয়তো,
   তথাপি স্মৃতিৰ টোপোলাবোৰ মই লৈ যাম আপোন কৰি।
নতুবা মোৰ অবিহনে সিহঁতো যে অৱহেলিত হ'ব।
        পিছে পুৰণি ঠিকনাতে হৃদয়খন থৈ যাম,
 তুমি বাৰু দলিয়াই দিবা নেকি?? #মাজনিশা #yqbaba #yqbandhoi #assamese #অৱহেলা

R...🍁

প্ৰতাৰণা কৰাতকৈ প্ৰেম কৰাচোন !!! #yqbaba #yqbandhoi #Assamese #assamesewriters love #Broken

read more
এবাৰ ঘূৰি চোৱানা, মই তাতেই আছো
এবাৰ ৰৈ দিয়াচোন, স্মৃতিবোৰ আকৌ সাঁ‌জো,
আবেলিবোৰ ভাললগা হৈছিল জানা, ঘৰমুৱা ৰ'দেও মৰম সানিছিল,
তেনে আবেলিবোৰত আজিকালি পোহৰ নাচাও মই,
ৰাতিপুৱাটোৰ প্ৰেমত নতুনকৈ পৰিছিলো,অভিমান কৰিবাচোন আপোন যেন লাগে বুলি কওতেই ৰৈ গৈছিলো অভিমানত,কিন্তু অভিমান ভাঙিবলৈ দেখোন কোনো নাহিল, সজতনে ৰখা কলিজাত কেঁ‌চা ঘা টুকুৰা দি গুচি গ'ল মানুহবোৰ, দায়িত্ব দিছিলোঁ সজতনে ৰখাৰ,থানবান কৰাৰ প্ৰয়োজন নাছিল হয়তো। 
বাৰু বাদ দিয়া এইবোৰ, এটা কথা কি জানা, তোমাৰ সৈতে কটোৱা সময়বোৰ আজিও অকলেই কটাও।নীৰৱে, নিসংগে !! প্ৰতাৰণা কৰাতকৈ প্ৰেম কৰাচোন !!! 
#yqbaba
 #yqbandhoi #assamese #assamesewriters #love #broken

R...🍁

বেইমান......... #Assamese #yqbandhoi #assamesewriters #feelings

read more
একাকীত্ব উপহাৰ দিবলৈকে মানুহ কাষলৈ আহে ,
    হাতখন এৰি ৰং চাই জীৱনৰ !!
চকুত কাজলৰ সলনি ক'লা দাগে বাহৰ পাতে, 
  আৰু তেওঁ কয় তুমি ভালে থাকা আজীৱন।  বেইমান......... 
#assamese #yqbandhoi  #assamesewriters #feelings

R...🍁

টুকুৰা কৰি উভতাই দিলেও হৃদয়ৰ প্ৰতিটো কোণ বিশেষ নাম এটাতেই জীয়াই থাকিব খোজে। 
   স্বপ্নভংগ ৰাতিবোৰতো জীয়াই থকাৰ হাবিয়াস ৰাখে, অথচ আনজনে খবৰ নাৰাখে তেওঁক যে কোনোৱে কাতৰভাৱে বিচাৰে।  #yqbaba #yqbandhoi #assamese

R...🍁

#yqbaba #yqbandhoi #Assamese #assamesewriters #অজুহাত #অৱহেলা

read more
জীৱনে নুশুনাকৈয়ে আচল উজাৰি কি লাগিব সুধিছিল,
  মই তোমাৰ নামত প্ৰতিদিনে লৈ ফুৰা ব্যস্ততাবোৰ বাছি ল'লো,
 
অৱহেলিত কৰাৰ আগজাননী জীৱনে বাৰুকৈয়ে পাইছিল
প্ৰতিটো ৰাতি এতিয়া তাৰেই প্ৰমাণ লৈ উচুপো !! #yqbaba #yqbandhoi #assamese #assamesewriters #অজুহাত #অৱহেলা
loader
Home
Explore
Events
Notification
Profile