Nojoto: Largest Storytelling Platform

আবেলিৰ আকাশখন প্ৰায়ে চাঁও... অভ্যাস নহয়,ভাল পাঁও

আবেলিৰ আকাশখন প্ৰায়ে  চাঁও...
অভ্যাস নহয়,ভাল পাঁও বাবেহে....
সপোন এটাই, মোৰ পৃথিৱীখন চোৱাৰ
 আকাশৰ দৰেই ক'ৰবাত ৰৈ...
আকাশৰ দৰেই ধুনীয়া নে?
নে একপক্ষীয় প্ৰেমৰ দৰেই 
অৱহেলিত প্ৰেমিক মোৰ পৃথিৱী...
অন্তহীন ভাৱনাতে আন্ধাৰে সান্তনা দিয়ে !
"অনুভৱৰ ভাগ বিচৰাজন প্ৰেমিক নহয়
লাভৰ ভোকাতুৰ  বেপাৰীহে"..
 সেই আন্ধাৰেই আকৌ মোক
জোনাক দেখুৱাই জোন-তৰাক দেখুৱাই...  
মই পিছে ব্যস্ত আবেলিৰ অপেক্ষাত, 
আকৌ চাম আবেলিৰ আকাশ...
 অভ্যাস নহয়,ভাল পাঁও বাবেহে..
                                 
                               ~ Aanch #assamese_poem
আবেলিৰ আকাশখন প্ৰায়ে  চাঁও...
অভ্যাস নহয়,ভাল পাঁও বাবেহে....
সপোন এটাই, মোৰ পৃথিৱীখন চোৱাৰ
 আকাশৰ দৰেই ক'ৰবাত ৰৈ...
আকাশৰ দৰেই ধুনীয়া নে?
নে একপক্ষীয় প্ৰেমৰ দৰেই 
অৱহেলিত প্ৰেমিক মোৰ পৃথিৱী...
অন্তহীন ভাৱনাতে আন্ধাৰে সান্তনা দিয়ে !
"অনুভৱৰ ভাগ বিচৰাজন প্ৰেমিক নহয়
লাভৰ ভোকাতুৰ  বেপাৰীহে"..
 সেই আন্ধাৰেই আকৌ মোক
জোনাক দেখুৱাই জোন-তৰাক দেখুৱাই...  
মই পিছে ব্যস্ত আবেলিৰ অপেক্ষাত, 
আকৌ চাম আবেলিৰ আকাশ...
 অভ্যাস নহয়,ভাল পাঁও বাবেহে..
                                 
                               ~ Aanch #assamese_poem