Nojoto: Largest Storytelling Platform

Best assamese_poem Shayari, Status, Quotes, Stories

Find the Best assamese_poem Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about assamese love sad poem, assamese sad love poem, assamese sad love quotes, assamese romantic poem for love, love story assamese,

  • 16 Followers
  • 22 Stories
    PopularLatestVideo

Rikshikha kashyap

ৰৈ নোযোৱা কথাবোৰ

: আপুনি কি সঁচাকৈ জুবিন গাৰ্গৰ গান শুনে ?
: হাৰে শুনো মানে নকবা আৰু কিছুমান গান শুনি এতিয়াও কান্দি থাকোঁ । 
: হে ভগৱান ল'ৰা মানুহেও তেনেকৈ কান্দে নে ? মন যায় গানটো বেছিকৈ লাগি যায় চাগে । 
: ও ৰে সঁচাকৈয়ে । পিছে তুমি কেনেকৈ জানিলা ?
: ল'ৰাবোৰৰ সকলোৰে তেনেকুৱা হয় । বুজি পাওঁ 
: বাহ ল'ৰাৰ কথা খুব জানা মানে ।
: তেনেকুৱা নহয় মোৰ ল'ৰা বন্ধু বেছি ।
: হয় নেকি । বাৰু মই জুবিনৰ গান শুনা কথাত আচৰিত হৈছিলা যে কিয় ?
: নহয় মানে মোক বহুত অসমীয়া বন্ধুয়েই উপদেশ দিয়ে কিছুমান ইংৰাজী গীত শুনিবলৈ...ইংৰাজী strong হ'ব মোৰ বুলি..
: তুমি ভাবিছিলা চাগে মইও ক'ম । তাতে মইতো অসমীয়া নহয়...বাকী শিকিব খুজিলে নিজে নিজেই strong হ'ব সকলো ভাষা । 
: অসমত থাকি অসমীয়াত কথা পতা , সংস্কৃতিক ভালপোৱা , আঁকোৱালি লোৱা প্ৰত্যেকজন মানুহ অসমীয়া । 
ছ'ৰী মোৰ কথাই যদি আপোনাক আঘাত দিলে । মই আচলতে ইমান ভবা নাছিলোঁ । 
: হে ভগৱান ইমান কেনেকৈ ছ'ৰী কৈ থাকিব পাৰে কোনোবাই ?
: মই পাৰোঁ 😁
: পাগলী তুমি..
: নহয় মই ভালেই । কেৱল কেতিয়াবা..
: কি ?
: একো নহয় । 
: কি নো কোৱাচোন । 
: সকলো কথা ক'ব পৰা নাযায় ..
: কিছুমান কথা বুজিবলৈ ও থৈ দিব লাগে ন ?
: তেনেকুৱাই আৰু..
: তুমি ৰ'দ ভালপোৱা ন বহুত ?
: আপুনি কেনেকৈ জানিলে ?
: তোমাৰ ষ্টেটাছ বোৰত আকৌ ।
: আপুনি কি ভাল পায় ?
: বৰষুণ..
: হম বৰষুণ ভালে । কেৱল মাত্ৰ কবিতা লিখিবলৈহে...
: হে ভগৱান বৰষুণৰ নাম লওঁতেই বৰষুণ দিলে । মোৰ কাপোৰ আছে বাহিৰত । 
: বাৰু মই ৰাখিছোঁ । 
: একো নহয় লাগি থাকক ফোনটো .. গান এটা লগাই থৈছোঁ শুনিবা

" এজাক বৰষুণে মোক চুই থৈ গ'ল...."

@ঋকশিখা

©Rikshikha kashyap #Assamese #Assamesequotes #assamese_poem 
#Light

Aanch

আবেলিৰ আকাশখন প্ৰায়ে  চাঁও...
অভ্যাস নহয়,ভাল পাঁও বাবেহে....
সপোন এটাই, মোৰ পৃথিৱীখন চোৱাৰ
 আকাশৰ দৰেই ক'ৰবাত ৰৈ...
আকাশৰ দৰেই ধুনীয়া নে?
নে একপক্ষীয় প্ৰেমৰ দৰেই 
অৱহেলিত প্ৰেমিক মোৰ পৃথিৱী...
অন্তহীন ভাৱনাতে আন্ধাৰে সান্তনা দিয়ে !
"অনুভৱৰ ভাগ বিচৰাজন প্ৰেমিক নহয়
লাভৰ ভোকাতুৰ  বেপাৰীহে"..
 সেই আন্ধাৰেই আকৌ মোক
জোনাক দেখুৱাই জোন-তৰাক দেখুৱাই...  
মই পিছে ব্যস্ত আবেলিৰ অপেক্ষাত, 
আকৌ চাম আবেলিৰ আকাশ...
 অভ্যাস নহয়,ভাল পাঁও বাবেহে..
                                 
                               ~ Aanch #assamese_poem

pobitra nath

ৰুমাল খন উৱলি গ'ল
                                             ✍️পবিত্ৰ নাথ
কোনোবা এটা উৰুঙা বসন্তত
ৰুমালখন এৰি আহিছিলা
শূণ্য চকীখনত।
ৰুমালখন উৱলি গ’ল
ৰুমালখন হেৰাই গ’ল ।
ৰুমালত লাগি থকা পাৰফিউমৰ গোন্ধটোৱে
মোক প্ৰায়েই লৈ যায় মহাবিদ্যালয়ত পঢ়ি থকা দিন বোৰলৈ।
য'ত ত‌ই মই সপোন ৰচিছিলো
অংগীকাৰ কৰিছিলোঁ ত‌ই ময় এক হোৱাৰ বাসনাবোৰ।
সাখি আছিল
বাগিচাখন  ! বাগিচাখনে উপহাস কৰিছিল তোৰ মোৰ প্ৰতিশ্ৰুতি বোৰ চাই।
ৰুমালখনৰ অবিহনে পাৰ হৈ গ’ল কেইবাটাও বসন্ত।
ৰুমালখন উৱলি গ’ল
ৰুমালখন হেৰাই গ’ল
ৰুমালখনৰ গোন্ধটো নাকত লগা যেন পাঁও
উভতি যাঁও বাগিচাখনলৈ হেৰুৱা বসন্তবোৰক বিচাৰি ।
                          ★★★ #assamese_poem

#citysunset

pobitra nath

ৰুমাল খন উৱলি গ'ল
                                             ✍️পবিত্ৰ নাথ
কোনোবা এটা উৰুঙা বসন্তত
ৰুমালখন এৰি আহিছিলা
শূণ্য চকীখনত।
ৰুমালখন উৱলি গ’ল
ৰুমালখন হেৰাই গ’ল ।
ৰুমালত লাগি থকা পাৰফিউমৰ গোন্ধটোৱে।
মোক প্ৰায়েই লৈ যায় মহাবিদ্যালয়ত পঢ়ি থকা দিন বোৰলৈ।
য'ত ত‌ই মই সপোন ৰচিছিলো
অংগীকাৰ কৰিছিলোঁ ত‌ই ময় এক হোৱাৰ বাসনাবোৰ।
সাখি আছিল
বাগিচাখন  ! বাগিচাখনে উপহাস কৰিছিল তোৰ মোৰ প্ৰতিশ্ৰুতি বোৰ চাই।
ৰুমালখনৰ অবিহনে পাৰ হৈ গ’ল কেইবাটাও বসন্ত।
ৰুমালখন উৱলি গ’ল
ৰুমালখন হেৰাই গ’ল
ৰুমালখনৰ গোন্ধটো নাকত লগা যেন পাঁও
উভতি যাঁও বাগিচাখনলৈ হেৰুৱা বসন্তবোৰক বিচাৰি ।
                          ★★★ #assamese_poem

#citysunset

Ankur

#depression #assamese_poem #অসমীয়া_কবিতা #कविता

read more
তাইজনী 

সংগ্ৰামী জীৱনৰ পথটোত
কেঁচা কেঁচা খোজবোৰৰ সতে
আধাভগা সপোনবোৰ দুমুঠিত বান্ধি ,
আগুৱাই যায় অচিনাকি পথটিত ,
তথাপি ওলমি থাকে 
নিভাঁজ দুওঁঠৰ বাকৰিত 
তাইৰ মিঠা হাঁহিটো ।

তাইৰ মন মন্দিৰৰ দুৱাৰদলিত
সঁজাইছে এখনি 
সুগন্ধি ফুলৰ বাগিচা ,
যত প্ৰতিদিনেই থাকে 
পখিলা ভোমোৰা , 
ইয়াতে থাকে তাইজনী উমলী 
নিঃসংগতাৰ পৰা আঁতৰি ।

সুখত সুখী , বিষাদত চকুপানী 
আকৌ কষ্টত আগুৱাই দিয়ে 
সহায়ৰ হাতখনি , 
অহ সেইবাবেই ভাল লাগে তাইজনীক ।

অহ মই সৌভাগ্যজনৰ গৰাকী 
নিচেই ওচৰত পাই তাইজনীক 
তাইৰ মৌ বৰষা দুওঠৰ পৰশত , 
প্ৰাণ পাই উঠা প্ৰতিটো কথাই ,
চুই যায় মোৰ হিদয় , 
শিকাই যায় জীৱনৰ মাদকতা ।

অহ সেইবাবেই ভাল লাগে তাইজনীক ,
অহ বৰ ভাল লাগে , 
ঐ তাইজনী , নহবা সলনি , 
নাযাবা কেতিয়াও আঁতৰি ।।

                  ✍️অংকুৰ #depression #assamese_poem
#অসমীয়া_কবিতা

Bastob Borah

mute video

Bastob Borah

mute video

PORI NEOG

mute video

PORI NEOG

mute video

upashana sharma

🖋upashana_sharma #অসমীয়া_কবিতা #assamese_poem

read more
মোৰ মন পদূলিত 
তোমাৰ আগমনৰ আগলৈকে
শূণ্য আছিল এই হৃদয় ;
শূণ্যতাতেই আবদ্ধ আছিল
দোক্ মোকালিৰ প্ৰতিটো হেঁপাহ
আৰু স্তব্দ্ধ আছিল এই জোনাক !
 
       🖋উপাসনা শৰ্মা 🖋#upashana_sharma
#অসমীয়া_কবিতা
#Assamese_poem
loader
Home
Explore
Events
Notification
Profile