Nojoto: Largest Storytelling Platform
himashreebaruah1995
  • 3Stories
  • 0Followers
  • 0Love
    0Views

Himashree Baruah

  • Popular
  • Latest
  • Video
91dc3c1c9959f78b422c5a719026756e

Himashree Baruah

◽ৰাগীয়াল নিশাৰ কথন ◽

হালধীয়া জোনৰ ৰূপোৱালি চাদৰত
বুতা বছা ফুট ফুট তৰাৰ জিলিকণিৰ 
আঁৰত মেঘালীৰ লুকাভাকু।
আকাশ চাবলৈ অৱসৰ নোপোৱা
দুচকুয়ে তভক মাৰে নিশাৰ মাদকতাত।
ৰজনীগন্ধাৰ সুবাসত যেতিয়া
মাতাল হৈ পৰিব পৃথিৱী
বুকুত বুকু থোৱা উশাহৰ ভৰত 
চঞ্চলা হৈ উঠিব এন্ধাৰবোৰ।
"নিচা নহ'লে টোপনি নাহে"
হুইস্কীৰ বটল নোখোলাকৈয়ে
কিহৰ নিচা কৰিব আপুনি কওঁক 
দুচকুত দুচকু থৈ প্ৰেমৰ নিচা কৰিব! 
হৃদয়ৰ ৰং ঢালি দিয়া স্পৰ্শৰ শিহৰণক
ইম্পেৰিয়েল ব্লুৰ গিলাছত ডুবাই ৰাখিব পাৰিব!
পাৰে যদি কওঁক না
বিলাতি সুৰাৰ ৰাগীতে ৰাগীয়াল কৰিম নিশাটো।
আপুনিটো জানেই মই হৃদয় হেৰুওৱা কবি
আৰু মোৰ বেৰঙী দুনিয়াৰ
আপুনি সেউজ ৰঙা কৃষ্ণচূড়া।
আপুনি প্ৰেমিক হ'ব মোৰ দুচকুৰ,
মোৰ কাণত ওলমি ৰোৱা ঝুমকা জোৰৰ,
মই পিন্ধা বগা কুৰ্তিটোৰ।
আৰু মই.....
মই আপোনাৰ আউল লগা
জীৱন খেলৰ প্ৰত্যেকটো ইনিংছৰ 
আজীৱন লগৰী হ'ম। নিচা 🍷

#poems #assamesepoetry #writing #poetry #whisky #love

নিচা 🍷 #poems #assamesepoetry #writing poetry #whisky love

91dc3c1c9959f78b422c5a719026756e

Himashree Baruah

হাস্নাহানাৰ নিশা

যৌৱনা বসন্তৰ কোলাত
উন্মুক্ত প্ৰেমৰ নাওঁখন মেলি 
আবেদনময়ী দৃষ্টি নিক্ষেপ নকৰিব।
ক্ষন্তেক বোবা হৈ পৰে অনুভূতি।
সদ্যস্নাতা পৃথিৱীৰ সেমেকা আবেলিত
মোৰ দুহাতত সৰি ৰোৱা বকুলৰ 
অকৃত্ৰিম সুবাসত আকৌ যদি
জাগি উঠে হৃদয়ৰ সুকোমল আবেলিটো !
নাঃ নোৱাৰি মৃত কলিজাত পুনৰ প্ৰাণ ঢালিব।
কোনো হাস্নাহানাৰ ৰাতিৰ মৌনতা চিৰাচিৰ কৰি 
উফৰি অহা বুকুৰ ভূপালী ৰাগত
সৰ্পৰ দৰে মেৰ খাই পৰে শব্দ বোৰ।
থোকা-থুকি কণ্ঠত আনে নেদেখা বাকৰিত
ভাঁহি উঠে দেওলগা গধূলিৰ সাধু।
চকুয়েদি দিব পৰা হেতেন ভালপোৱা
আঙুলিৰ পৰশত ব'ব পৰা হেতেন মৰমৰ কপিলি
চতিয়না ফুলা গধূলিত গাব পৰা হেতেন 
নীলাত হেন্দুলী থকা মেঘৰ গান!
ৰোগীয়া হৈ পৰিলো হেতেন ৰ্নিলিপ্ত নিশাৰ দাবীত।
বুকুৰ কোণত বাজি থাকে মাথোঁ নীৰৱে 
"ধীৰে ধীৰে হেৰাই যায়
আবেলিৰেই ৰ'দালি" ।। হাস্নাহানাৰ নিশা


#assamesepoetry #writerscommunity #yourquote #lovepoem #lovequotes

হাস্নাহানাৰ নিশা #assamesepoetry #writerscommunity #yourquote #lovepoem #lovequotes

91dc3c1c9959f78b422c5a719026756e

Himashree Baruah

◽আপুনি আহিব◽


প্ৰেক্টিকেল জীৱনে  
জোকাৰি নোযোৱা বাটেৰে
আপুনি আহিব
নাহৰৰ ইপাৰে থকা 
মোৰ বেৰঙী দুনিয়ালৈ।
তৰুৱা কদমৰ হাঁহিত
উজলি উঠিব আপুনি অহাৰ পথ।
বনৰীয়া পখীৰ কলস্বৰ
হয়টো উন্মনা হৈ পৰিব।
এন্ধাৰৰ সুযোগত যদি বিচাৰে
এটা গল্ড ফ্লেকৰ পেকেট!
দুঃখিত।
মই দিব নোৱাৰিম আপোনাৰ হাতত তুলি।
বেয়া পাব নেকি?
এহঃ পালেও পাওঁক।
চিগাৰেটৰ ধোঁৱাই তলকিব নোৱৰা নিচা 
মই আপোনাক দিব পাৰো।
জেস্মিনৰ সুবাসে মতলীয়া কৰা বতাহজাকত
যেতিয়া বাউলী হৈ পৰিব নিশাটো
মোৰ বেসুৰা কণ্ঠেৰেই গাই যাম
"য়ে ৰাতে য়ে মৌচম
নদী কা কিনাৰা
য়ে চঞ্চল হাৱা"
জোনাকে ধোৱা মায়াময় ৰাতিত
আপোনাৰ দুচকুত আৱিষ্কাৰ কৰিম
এটা নতুন ফাগুনৰ বেগুনীয়া এজাৰ।



✍️হিমাশ্ৰী বৰুৱা The first poem uploaded on Your quote. Hope you'll love this.



#assamesepoetry #lovequotes #writingcommunity #poetrycommunity #lovepoem #assamesepoem #lovediaries

The first poem uploaded on Your quote. Hope you'll love this. #assamesepoetry #lovequotes #writingcommunity #poetrycommunity #lovepoem #AssamesePoem #lovediaries


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile