Nojoto: Largest Storytelling Platform

Best assamesepoetry Shayari, Status, Quotes, Stories

Find the Best assamesepoetry Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos aboutlove quotes for her in assamese, assamese love quotes for her, assamese romantic poem for love, assamese love poem of nilim kumar, best love quotes in assamese language,

  • 26 Followers
  • 86 Stories

BIDISH GOSWAMI

#পাৰ_হৈ_গল #assamesepoetry #অসমীয়া #কবিতা #yourquote #Assamese #assamesewriters

read more
পাৰ হৈ গল......


পাৰ হৈ গল সেই যোগ আজি,
নিৰ্যান হল সেই প্ৰেমিক আজি।

সন্ধানত ফুৰিছিল এক নতুন ধৰিত্ৰীৰ যি,
লুণ্ঠিত হৈ, উভতি আহিল আজি।

নদলৈ বুলি, যি কেতিয়াবা হাত ধৰি নিছিল....
পাৰ হল তেওঁ অকলেই আজি।

নিজ প্ৰেক্ষাপটৰ সৈতে তেওঁ নিজেই অৱগত,
মনৰ মোৰ আচোট পূৰণ হব ধৰিছে আজি। #পাৰ_হৈ_গল
#assamesepoetry #অসমীয়া #কবিতা #yourquote #assamese #assamesewriters

BIDISH GOSWAMI

#তুমি_মোৰ_জীৱনী_গাবা #assamesepoetry #অসমীয়াকবিতা #অসমীয়া

read more
                      তুমি মোৰ এই জীৱনী গাবা

মই ত্যাগ কৰিম এই জীৱন যিদিনা
তুমি মোৰ এই জীৱনী গাবা,
মোৰ সকলো অনুত্তম শুনাই
মোৰ উত্তম খিনিও কেতিয়াবা কবা।

শুনাবা সকলোকে কিদৰে মই এদিনা
সাগৰ জয়ী কৰিব খুজিছিলো
কত বাৰ সাতুৰিব খুজি
নদীৰ আগৰ পৰাজয় স্বীকাৰ কৰিছিলো।

কোনো অভিমানীয়ে‌ বৰঞ্চ যদি প্ৰশ্ন কৰে,
মোৰ ঘৰ আৰু ভেঁটি পৰিচয় কৰাবা তেওঁক,
জনাবা তেওঁক মোৰ আৰম্ভণি আৰু
শুনাবা তেওঁক আহুকাল মোৰ।

মোৰ দোষ বোৰক নেদেখা ভাও নুজুৰি
কোনোবাই সুধিলে বহলাই ক'বা,
মই কেনে এক নিৰুদ্যম আছিলোঁ
মিথ্যাচাৰৰ গল্প মোৰ কিছু আগুৱাই দিবা।

জনাবা, কি দৰে মই প্ৰয়োজনীয়তাৰ সময়ত, 
অপ্ৰয়োজনীয় হৈ পৰিলোঁ আৰু 
কি দৰে প্ৰতিশ্ৰুতি দি , কথাও ৰাখিব নোৱাৰিলো।
প্ৰত্যাঘাত সকলো পূৰণ কৰি, প্ৰেমক হে বিফল ৰাখিলোঁ।

জনাই দিবা সকলোকে
মই আত্মগ্ৰাহী নিঃসন্দেহ আছিলোঁ,
জীৱনৰ প্ৰত্যেক স্থলত মই
একাকি হৈ থিয় দিছিলোঁ।

মোৰ সকলো অনুত্তম শুনাই
মোৰ উত্তম খিনিও কেতিয়াবা কবা।
মই ত্যাগ কৰিম এই জীৱন যিদিনা
তুমি মোৰ এই জীৱনী গাবা।
 #তুমি_মোৰ_জীৱনী_গাবা
#assamesepoetry #অসমীয়াকবিতা 
#অসমীয়া

BIDISH GOSWAMI

#আমি_যেন_এক_শূন্য..... #assamesepoetry #AssamesePoem #অসমীয়াকবিতা #জীৱন #শূন্যতা #সময় #ক্লান্ত

read more
আমি যেন এক শূন্য.....

জীৱনৰ এই দোমোজা কিছু পুৰণি,
না তেওঁ হাঁহে, না মই অশ্ৰো টোকো,
না তেওঁ কোনো উৎসাহ জগাই, না মই তেওঁক সাৱটি ধৰো।
না তেওঁ কোনো মাত দিয়ে, না মই তেওঁৰ কাষ চাপো,
না তেওঁ জয়ী হয়, না মইও পৰাজয় স্বীকাৰ কৰোঁ।
না তেওঁ উভতি চাই, না মইও নিজ অভিমান কম কৰোঁ,
না তেওঁৰ কোনো শত্ৰুতা ইয়াত, না বন্ধুত্বৰ প্ৰয়োজন মই অনুভৱ কৰোঁ।

দুয়ো যাওঁ সমান্তৰাল হৈ, কোনো ৰেল-আলিৰ দৰে
জীৱনৰ প্ৰত্যাশা আৰু প্ৰত্যয়ৰ গাড়ী খন আগবঢ়ায়....
যুঁজ দি ক্লান্ত হৈ বহি পৰিছো আজি হৈ মই মৌন্ন,
সময় আৰু পৰিস্থিতি সমুখত, আমি যেন এক শূন্য।


 #আমি_যেন_এক_শূন্য.....
#assamesepoetry #assamesepoem #অসমীয়াকবিতা #জীৱন #শূন্যতা #সময় #ক্লান্ত

R...🍁

#আকাশ #অসমীয়া_অনুভৱ #yqbaba #yqbandhoi #অসমীয়া #assamesepoetry #assamesewriters #assamesequote

read more
আকাশলৈ চোৱা আৰু দুখবোৰ উজাৰি কোৱা
বিশাল বাহুত সামৰি থ'ব সি।
আকাশলৈ চোৱা আৰু সুখবোৰ উজাৰি কোৱা
সমভাগী হ'ব সি।
সঁ‌চাকৈ ভালপোৱা যদি আকাশখনক পোৱা প্ৰতিদান নিবিচাৰে সি। #আকাশ  #অসমীয়া_অনুভৱ #yqbaba #yqbandhoi #অসমীয়া #assamesepoetry #assamesewriters #assamesequote

R...🍁

য'ত আন্ধাৰ তাতেই জোনাক..... #জোনাক #yqbaba #yqbandhoi #yqassamese #Assamese #assamesequote #assamesewriters #assamesepoetry

read more
হাজাৰ ব্যস্ততায়ো আন্ধাৰক জোনাকৰ পৰা পৃথক কৰিব নোৱাৰে...!! য'ত আন্ধাৰ তাতেই জোনাক.....
#জোনাক #yqbaba #yqbandhoi #yqassamese #assamese #assamesequote #assamesewriters #assamesepoetry

R...🍁


সময়ে কেতিয়াবা বধিৰ কৰে আৰু কেতিয়াবা অস্থিৰ,
ঠিক একপক্ষীয়ৰ দৰে,
যি প্ৰেমৰ কোনো সজ্ঞা নাই,
হৃদয়ৰ কোনোবা কোণত কুৰুকি কুৰুকি সোমাই থাকে এক নিঃকিন দুপৰীয়া...!!
লুকাই চোৰকৈ চোৱাতো থাকে অন্য এক মাদকতা, 
যিয়ে শিকাই যায় এক কঠোৰ বাস্তৱতা...
প্ৰতিদানবিহীন নিস্বাৰ্থতা...!! #yqbaba #yqbandhoi #yqassamese #assamese #assamesequote #assamesepoetry #assamesewriters #অসমীয়া

R...🍁

মই মোৰ চিৰ লগৰী...#yqbandhoi #Assamese #yqbaba #assamesewriters #yqquotes #অসমীয়া_অনুভৱ #assamesepoetry #Assam

read more
নিৰিবিলি গধূলিটোৰ তৰা গণা সময়খিনি...⭐
হঠাৎ অহা এজাক মৃদু মলয়াৰ জোকাৰণি🍂
আওলি বাওলি চুলিবোৰ সামৰি...!!😊
ক'বলৈ খুব মন যায় 
 "চুলি নাবান্ধিবা যাজ্ঞসেনী"।
পুনৰ আকাশ গোমা...!!🌧
চিপ্ চিপ্ বৰষুণ আৰু 
হেডফোনত প্ৰিয় গানৰ আমনি....🎼🎧
অকলশৰীয়া নহয়....
মই মোৰ চিৰ লগৰী...!!🍂😍
  মই মোৰ চিৰ লগৰী...#yqbandhoi #assamese #yqbaba #assamesewriters #yqquotes #অসমীয়া_অনুভৱ #assamesepoetry #assam

Miss. Parveen (MATU)

#এজাক বৰষুণৰ অপেক্ষাত #AssamesePoem #Assamesequotes #assamesepoetry nojoto❤ #nojoquotes

read more
আজি‌ বহু দিনেই হ'ল
মই ৰৈ আছো
এজাক বৰষুণৰ অপেক্ষাত.......
এবাৰ তিতিবলৈ মন আছে
সেই বৰষুণ জাকত.,
কিজানি সেই বৰষুণৰ টোপাল বোৰে
মচি পেলাই মোৰ 
হেৰুৱা দিনৰ স্মৃতি বোৰ.....
সেয়ে ৰৈ আছো মই
এজাক বৰষুণৰ অপেক্ষাত........

©Miss. Parveen #এজাক বৰষুণৰ অপেক্ষাত
#AssamesePoem  #Assamesequotes  #assamesepoetry   #nojoto❤  #nojoquotes

Chiranjib Shankar

হালধীয়া মোৰোঁ প্ৰিয় #MyPoetry #AssamesePoem #assamesepoetry

read more

Basnet Shikha

beginnings are always messy.....#assamesepoetry

read more
loader
Home
Explore
Events
Notification
Profile