Nojoto: Largest Storytelling Platform
moonstar1966
  • 91Stories
  • 119Followers
  • 589Love
    41.4KViews

Hedayat Ullah

l like to write poem , story , song , shayeri etc...love to sing , dance....

  • Popular
  • Latest
  • Repost
  • Video
e99de9fc6764bd8fdc9750d85cb3e421

Hedayat Ullah

just fun

just fun #Life

e99de9fc6764bd8fdc9750d85cb3e421

Hedayat Ullah

#Fishing by hook
e99de9fc6764bd8fdc9750d85cb3e421

Hedayat Ullah

e99de9fc6764bd8fdc9750d85cb3e421

Hedayat Ullah

নিস্বাৰ্থ প্ৰেম

          নাজমিন চুলতানা

স্বাৰ্থহীন প্ৰেমৰ তুমিয়ে প্ৰমাণ..
নিস্বাৰ্থ ভালপোৱাৰে জীয়াই তুলিছা 
মৰহি যোৱা মোৰ প্ৰাণ ...
পথভ্ৰষ্ট হৈ ৰৈছিলো মই জীৱন বাটত
তুমি আহি দিলা এটুকুৰা ঠাই 
অন্তৰৰ গভীৰ কোণত ।।

স্পৰ্শতা মোৰ দেহত তোমাৰ হাত দুখনৰ..
গলি গৈছিলো এনেদৰে 
যেন এটি টুকুৰা বৰফৰ ।

ৰাতিৰ আন্ধাৰ , জোনৰ পোহৰ
আৰু কিছু কথা অন্তৰৰ ,
জীপাল হৈ ৰ'ব হৃদয়ৰ নিভাজ কোণত 
সেই মূহুৰ্তবোৰ অন্তৰংগৰ।।।

প্ৰেম যেন মোৰ বাবে আছিল এক প্ৰত্যাহ্বান
হৈছিলোঁ য'ত সদাই ব্যৰ্থ,
শেষত তোমাৰ সংস্পৰ্শত আহিয়েইটো শিকিলোঁ
প্ৰকৃত ভাষাত প্ৰেমৰ অৰ্থ ।।।

©Hedayat Ullah
e99de9fc6764bd8fdc9750d85cb3e421

Hedayat Ullah

#meradil #Good evening

#meradil #Good evening

e99de9fc6764bd8fdc9750d85cb3e421

Hedayat Ullah

e99de9fc6764bd8fdc9750d85cb3e421

Hedayat Ullah

e99de9fc6764bd8fdc9750d85cb3e421

Hedayat Ullah

village children cricket

village children cricket #Knowledge

e99de9fc6764bd8fdc9750d85cb3e421

Hedayat Ullah

মইতো প্ৰেমিকেই চৰাই 

 হেদায়ত উল্লাহ
ঘগ্ৰাপাৰ, নলবাৰী ।
9859200640


মইতো প্ৰেমিকেই চৰাই 
উন্মুক্ত আকাশৰ....
বতাহত উৰি ফুৰা..
মেঘৰ আৰে আৰে লুকোৱা...
পাৰা পাৰ বিহীন সাগৰৰ ....

ৰ'দালিৰ সৈতে খেলা কৰা..
চিগাৰেট আৰু হুইচ কীক সংগী কৰি লোৱা..
তোমাৰ প্ৰেমত হাবু ডুবু খোৱা
নিচাসক্ত প্ৰেমিক মই....

মইতো প্ৰেমিকেই চৰাই
কাকো কেয়াৰ নকৰা
চিগালৰ দৰে উৰিব খোজা 
মেৰিয়ানা ট্ৰেনচত নিজকে বিলীন কৰিব খোজা...
জীৱনত আৰু প্ৰেম নকৰোঁ বুলি শপত খাই ও
হেজাৰ প্ৰেমত পৰা 
মই সচাকৈ প্ৰেমিকেই চৰাই ।।

©Hedayat Ullah
e99de9fc6764bd8fdc9750d85cb3e421

Hedayat Ullah

নষ্টালজিয়া

                               হেদায়ত উল্লাহ
                               9859200640

আনিব পাৰিলে ছিঙি আনিলোঁ হেতেন সময়বোৰ...
ঘূৰাই পেলালোঁহেতেন ল'ৰালি...
ৰোমাঞ্চিত হৈ পৰিলোঁ হেতেন
নন্দে কাইৰ দোকানত..
যত চাহ চিংৰাৰ আড্ডা চলিছিল 
হাৰামি বন্ধু কেইটাৰ সৈতে...
পইচা নিদিয়াকৈ পলাইছিল সিহঁত ...
বাচন মাজিবলগা হৈছিলোঁ মই...

সলাই পেলালোঁহেতেন আকাশখন
ৰঙীন হৈ পৰিলহেতেন মাদকতা....
মদিৰাৰ সৈতে চিগাৰ হুপি 
হয়তো কটালোহেতেন সাগৰৰ পাৰৰ কোনোবা বীচত...

ভুলবোৰ শুধৰাই পেলালোঁহেতেন....
গহীন গম্ভীৰ মনটোক চঞ্চলকৰি তুলিলোহেতেন
ভেগাছৰ কোনোবা কেচিনোত বহি পইচাৰ খেল খেলিলোহেতেন.....
আনিব পাৰিলে ছিঙি আনিলোঁ হেতেন সময়বোৰ...
ঘূৰাই পেলালোঁহেতেন ল'ৰালি..

©Hedayat Ullah #thought
loader
Home
Explore
Events
Notification
Profile