Find the Latest Status about love story 1971 from top creators only on Nojoto App. Also find trending photos & videos about, love story 1971.
SHIVAM SINGH TOMAR
देश की सीमा पर तैनात, 1971 me Pakistan ko tukde me cheerne wali sena ko mera slam aur bdhai . Pakistan ko ghutno pe lane ke liye. ©SHIVAM SINGH TOMAR 1971
1971 #Thoughts
read moreSatya Prakash Upadhyay
आज जब हम विभिन्न धर्मों के प्रति वैमनस्यता को देखते हैं तब आज के दिन विजय दिवस के पवित्र पर्व पर मुझे बरबस हीं वो तथ्य ध्यान में आ जाता है जब फील्ड मार्शल जनरल मानेक शॉ (पारसी),पूर्वी कमान के जनरल आफिसर कमाण्डिंग-इन चीफ जगजीत सिंह अरोड़ा(सिख), चीफ़ ऑफ़ स्टाफ़ जनरल जे एफ़ आर जैकब(यहूदी) और भारतीय सेना में हर धर्म, संस्कृति, भाषा के परमवीर सैनिकों के अदम्य शौर्य और रणनीति के सामने 93,000 पाकिस्तानी सैनिकों समेत पूर्वी पाकिस्तान (बांग्लादेश) में पाकिस्तानी बलों के कमांडर लेफ्टिनेंट जनरल एएके नियाजी ने घुटने टेक कर आत्मसमर्पण कर दिया था। जय हिंद🌹🇮🇳🌹जय भारत satyprabha💕 #1971 #विजयदिवस
Shaurya Khurana
1971 - वीरता का गवाह ! जिस गाथा ने निकाल दिया था दुश्मन का पानी आओ तुम्हें सुनाता हु 1971 की कहानी ।। अरब सागर में दुश्मन ने करी थी शांति भंग बंगाल की खाड़ी में जाकर ख़त्म हुई थी जंग । सोच रहा था ग़ाज़ी बनेगा भारत का यम पर उसकी क़िस्मत में तो था सुखोई का बम ! कश्मीर के सपने देखने वाले ओ कंगाल तुझ से अलग हो कर रहेगा पूर्वी बंगाल ।। भारत के वीरों ने बंगाल को पहनाई आज़ादी की माला "दुर्गा" के साहस ने तो बांग्लादेश बना डाला॥ 1971 - A glorious battle
1971 - A glorious battle
read moreLT (Like That)
#Love #story,#LoveStory #lyrics,#taylorswiftlove #story,#indilalovestory,#Love #storytaylorswift,#indilalove storylyrics,indila love story t
read moreGoutam Kumar
तेरी मोहब्बत का ये कितना खूबसूरत एहसास है अब तो मुझे लगता है हर पल की तू मेरे कहीं आस पास है ! ©Goutam Kumar #story #Love #story
Kabita
#আবেলি #aabeli খণ্ড (৪) "অ’ মোৰ খিৰিকী মুখৰ উমাল ৰ’দ ক'ব পাৰিবিনে? কিয় বাজে ৰিণি ৰিণি অচিন সুৰৰ ৰাগ.. যাওঁ বুলিও চোন যাব নোৱাৰি এৰি থৈ এই সুৰীয়া অনুৰাগ.. আবেলিৰ বাবে ৰৈ আছিল আগান। কথাটো তাই যেন আকৌ এবাৰ শুনিব, আকৌ এবাৰ বাজিব বুকুত চিফুঙৰ সুৰ, জিৰ জিৰকৈ কৈ সৰিব মুঠি মুঠি বকুল.. কথাৰো যে কি মায়া.. বান্ধিছে তাইক নেদেখা জৰীৰে, মাথোঁ এটি কথাৰে, মাথোঁ এমুঠি আদৰে.. : কাঁইট বাচি দিম নেকি? চিতল মাছ, বহুত কাঁইট আছে। লাহে লাহে খাবি। মুখামুখিকৈ বহি ভাত খাই থকা আবেলিক যেন পাৰিলে ভাত কেইটাও খুৱাই দিব আগানে। পাহৰিযয়ে গৈছে তাই যে এতিয়া আৰু সৰু হৈ থকা নাই। সেই যে সি এৰি থৈ গৈছিল ক্লাছ এইটত পঢ়ি থকা আবেলিজনীক, তাৰ পিছৰ সময়চোৱাৰ এটা এটা পল অনুপলৰ খবৰ সুধিছে আগানে। মেট্ৰিকৰ ৰিজাল্ট পাই তাই কান্দিছিল নেকি? ইংৰাজীত লেটাৰ পাব বুলি তাই ভাবিছিল নে? বায়’লজী তাই কিয় বেয়া পায়? এতিয়া তাইৰ কোনোবা ভাল বন্ধু আছেনে? টিউচন কৰি সময়মতে পাব লগীয়া পইচা কেইটা পায় নে নেপায়? তাইৰ ভায়েকটো পঢ়াত কেনেকৈ ইমান বেয়া হ'বলৈ পালে, তাইৰ কথা কিয় নুশুনে? : ফিজিক্সত মেজৰ কিয় ল'লি? মানে ইন ফিউচাৰ কি পঢ়িম বুলি ভাবিছ? : এতিয়াই একো ভৱা নাই। : আৰু মাত্ৰ এটা বছৰ আছে বুলি ধৰ, এতিয়াও ভবা নাই? : ওহোঁ। : কেতিয়া ভাবিবি? নে এনেই কলেজলৈ যাব লাগে কাৰণে গৈ আছ? : চাকৰি বিচাৰিম। ঘৰত দিগদাৰ হৈছে।মানে পইচা.. ভাত কেইটা হাতেৰে এনেই পিটিকি পিটিকি শূন্যলৈ চাই উত্তৰ দিলে বেলিয়ে। মনটো বেয়া লাগিল আগানৰ। মাজে মাজে সি জোখতকৈ বেছি কঠোৰ হৈ যায় বেলিৰ প্ৰতি। কিন্তু মৰমো জানো কম । সি বেলিক সৰুৰ পৰাই দেখি আহিছে। আনতকৈ পৃথক, অনুভৱী, খুব স্বাভিমানী আৰু একেবাৰে অভং ছোৱালীজনীলৈ তাৰ মৰম আছে। বৰমাকৰ পিছে পিছে লাগি ফুৰা সৰু ছোৱালীজনীক তাৰো আপোন আপোন যেনেই লাগে। নতুন কথা এটা শিকিবলৈ সদায় আগ্ৰহী,কঠোৰ পৰিশ্ৰমী ছোৱালীজনীৰ মাজত থকা প্ৰচুৰ সম্ভাৱনা সি দেখিছে। সি বিচাৰে আবেলি এই সৰু ঠাইৰ পৰা ওলাই গৈ এদিন ডাঙৰ মানুহ হওক। আন দহজনী ছোৱালীৰ বাবে সাহস হওঁক। সমাজৰ কিছু প্ৰচলিত প্ৰথাক সলাই পেলাওক। এদিন আহিব সেই দিন, আগানে জানে। মাত্ৰ সেই স্থান পোৱালৈকে আবেলিৰ সাহস হৈ থাকিব খোজে সি। বেলিয়ে নাজানে বৰমাকে তাইৰ হাতত গুজি দিয়া পইচাবোৰ যে বৰদেউতাকৰ নহয়, বৰঞ্চ আগানে সময়ে সময়ে বন্ধুৰ হতুৱাই বৰমাকৰ হাতত তাইৰ বাবে দি থৈ যোৱা এধানি মৰম, দায়িত্ববোধ। আগানে জানে গম পালে বেলিয়ে হাজাৰটা প্ৰশ্ন কৰিব, তাইক পুতৌ কৰা বুলি ভাবিব, সেইবাবে সি বৰমাকক বাধা দিয়ে,বেলিয়ে যাতে এই কথা গম নাপায়। সন্মুখত বহি তলমূৰকৈ ভাত খাই থকা ছোৱালীজনী কেতিয়া যে ইমান ডাঙৰ হ'ল সি ধৰিবই নোৱাৰিলে। লাজ কৰিবও জনা হ'ল। ফুটফুটিয়া চোলা এৰি কুৰ্তা পিন্ধা হ'ল। মিঠা বৰণীয়া সৰল মুখখনত ক'লা অকণমানি ফোঁট এটাৰে কেতিয়া যে তাৰ বেলিফুল জনী আবেলি হ'ল!! : মোক ইমান দিনৰ পিছত লগ পাইছ, একো নুসুধ তই? : বৰমায়ে কৈ থাকে আপোনাৰ কথাবোৰ। : হ'লেও, তোৰ নিজৰ ফালৰ পৰা একো নাই সুধিবলৈ? : উম..আছে..মানে..আপুনি সদায় গা নুধুৱে নেকি? :What??I mean really???ইমান দিনৰ মূৰত লগ পাই তোৰ বেলেগ একো সুধিব লগা নাই?? : গা নুধুৱাকে ভাত খালে আপোনাৰ বৰতাজনে গোটেই ঘৰটো গোবৰ পানীত ডুবাই দিব, মোৰ আৰু বৰমাৰ হে কাম বাঢ়িব।সেইকাৰণে সুধিছো। নিজৰ কথাত নিজেই লাজ পালে তাই। পেটত ধৰি ধৰি হাঁহি থকা আগানক তাতে এৰি বাচন ধুবলৈ বুলি উঠি আহিল। : বাচন ধুব নালাগে তই বেলি, বহুত দেৰি হ'ল, কাইলৈ কলেজ আছে নহয়। : মই খোৱা বাচন বৰমাক ধুবলৈ দিলে হে হ'ব এতিয়া। : মই ধুম। যা এতিয়া ইয়াৰ পৰা। আগানৰ কথা শুনি ঠাইতে থৰ লাগিল বেলি। পুৰোহিত ব্ৰাহ্মণৰ ঘৰৰ নিয়ম তাই ভালকৈ জানে। বৰমাকে লুকাই চুৰকৈ সেই নিয়ম ভাঙিছে যদিও জনাৰ্দন বৰঠাকুৰৰ সমুখত আজিলৈকে সাহস কৰা নাই। বৰদেউতাকৰ সৈতে একেলগে তাই খোৱা পাতত বহিব পৰা নাই, গোঁসাই ঘৰ সাৰি মচি চাফা কৰিলেও চাকি গছ জ্বলাবলৈ সাহস কৰা নাই। সত্যনাৰায়ণ পূজাৰ যোগাৰ কৰি দিলেও প্ৰসাদ ভগাই দিবলৈ আগবাঢ়ি যাব পৰা নাই। অথচ বৰদেউতাক নথকা অৱস্থাত বৰমাকে তাইক একেলগে একেখন বিচনাতে শুৱাইছে, একেলগে টেবুলত বহি খোৱাইছে, গেছত ইটো সিটো ৰান্ধিবলৈ শিকাইছে, লক্ষ্মী থাপনাৰ পৰা সেন্দুৰ আনি পাকঘৰৰ দেৱালত ৰেঘা আঁকিবলৈ দিছে। বৰমাকৰ বাবে তাইয়ো লক্ষ্মী, দুখন ঘৰৰ লখিমী ছোৱালী। কেতিয়াবা মৰমতে তাইক লখিমী, সৰস্বতী এইবোৰ নামেৰেও মাতে বৰমাকে। পথাৰৰ পৰা লখিমী আনি ভঁৰালত থ'বলৈ দিছে তাইক, ভৰি ধুৱাই পূজাও কৰিছে। এই সকলোবোৰ হয় বৰদেউতাকৰ অজানিতে। "যতীন, পথাৰৰ পৰা লখিমী আনিব লাগিছিলে নহয়, এই আমাৰ গোবিন্দহঁতৰ নাতিনী জনীক কৈ থৈ আহিবি। মই কাইলৈ মিটিং এখনৰ কামত এফালে যাম।" পিছদিনা কথাবোৰ সলনি হয়,গোবিন্দৰ নাতিনীৰ ঠাই আবেলিয়ে লয়। পিন্ধি থকা চোলাটোৰ ওপৰতে মেখেলা চাদৰ পিন্ধি মূৰত ধানৰ ঠোক এটা লৈ তাই প্ৰকাণ্ড ভঁৰাল ঘৰটোৰ সমুখত ৰৈ থাকেহি, বৰমাকে থাল এখনত ধূপ চাকি সজাই আনি তাইক আদৰি নিয়েহি, ভৰি ধুৱাই সেৱা কৰে, গালত চুমা এটাও খায়। " আই গোসাঁনী,আজিৰ পৰা তোমাক ইয়াতে থৈছোঁ আৰু।বেলি ,লক্ষী আইক ক আমাৰ লগতে যাতে পৃথিবীৰ সকলো মানুহ, জীৱ জন্তু চৰাই চিতিৰতিৰ ভাগতো অন্ন এমুঠি পৰে।" তাইৰ বুকুখন ফুলি উঠে, নিজকে তেতিয়া সঁচাকৈয়ে লখিমী লখিমী যেন লাগে। কিন্তু বৰদেউতাক থাকিলে কথাবোৰ সলনি হয়। তাই গেছত একো ৰান্ধিব নোৱাৰে, গোঁসাইঘৰৰ বাচন চুব নোৱাৰে, বিছনাত বহিব নোৱাৰে। বিশেষকৈ বৰদেউতাক বা বৰমাকৰ বিচনাত। আৰু আগানে আজি তাইৰ বাচন ধুব???? নাই নাই, তাই নিবিচাৰে তাইৰ বাবে ঘৰখনত অশান্তি হওঁক, বৰদেউতাক আৰু আগনৰ মাজত তৰ্ক হওঁক। কিন্তু তাই যি ভয় কৰিছিল সেয়াই হ'ল। : তই লগুণ লোৱা লৰাটোৱে এতিয়া গাভৰু ছোৱালীৰ ভাত খোৱা চুৱা ধুবি? হে'ৰা, কি হৈছে এইবোৰ, হে'ৰা.. অৰুন্ধতী.. হঠাৎ কি কৰিলে আগানে যেন বুজিয়েই নাপালে। পাকঘৰৰ দুৱাৰমুখত ৰঙা চকু দেখুৱাই ৰৈ আছে মানুহজন, বেচিনৰ ওচৰত আগান আৰু আবেলি। : মই ধুইছো বৰতা, বৰমাক নালাগে মাতিব। আগানৰ হাতৰ পৰা থাপ মাৰি নি বেলিয়ে তাইৰ কাঁহীখন ধুই পেলালে। বৰমাকে তাইৰ কাৰণে টান কথা শুনিব লগীয়া হ’লে তাইৰ দুখ লাগে। আগানে আৰু কিবা কোৱাৰ আগতেই তাই সেইখিনিৰ পৰা আঁতৰি আহিল। যতীন দাক মাতি আগবঢ়াই দিবলৈও নক'লে, অকলেই গুচি আহিল। ৰাতিটো যেন আন দিনতকৈ বেছি আন্ধাৰ আজি, জোনবাইজনীক ডাৱৰে কেতিয়াবাই গিলি পেলাইছে। চ'তমহীয়া আকাশখন এইবাৰ মুকলি নহ'লেই। হে প্ৰভু, আজি বৰদৈচিলা মাকৰ ঘৰলৈ নাহিলেই হ'ল। *************** (আগলৈ) #copyright #Indrani sarmah ba ©Kabita #love story #story