Nojoto: Largest Storytelling Platform

Best প্ৰসন্ন Shayari, Status, Quotes, Stories

Find the Best প্ৰসন্ন Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about

  • 1 Followers
  • 1 Stories

মাচুমা জিন্নত ৰহমান

।।নীলা খামৰ চিঠি খন।।
মৰমৰ 
           তুমি 
মৰম ও ভাল পোৱা বোৰ পঠালো চিঠিৰ মাজতেই,
চিঠি লিখাৰ হেঁপাহ নাছিল কিয়নো মোৰ ঠিকনা হয়তো তুমি পাহৰি পেলাইছা,-কিন্তু মোৰ নিচলা হিয়াৰ কোণত বৰ যতনে ৰাখিছো তোমাৰ ঠিকনা গোপনে কোনেও নাজনাকৈ । তুমি যে মোৰ জীৱনৰ আধৰুৱা সপোন ।আশা ও কামনা তুমি  আদৰি লবা অতীতৰ সোঁৱৰণীৰ মৰম বোৰ ।

ফাগুনৰ লঠঙা বুকুত বেদনা সামৰি বসন্তৰ সেউজীয়া হেঁপাহবোৰ
 আদৰাৰ আশাৰে বাট চাই আছিলোঁ,  বসন্তৰ  বোৱাৰী পুৱালৈ  
-কিন্তু বহাগ আহিল বসন্ত নাহিল মোৰ  সেউজীয়া হেঁপাহৰ পদূলি মুখলৈ ।
জন্ম ভূমিৰ নৰিয়া দেহাত আবদ্ধ আজি বসন্তৰ ৰং বোৰ। লঠঙা বিৰিখৰ
 কঁকালত  গাভৰু বসন্তৰ বেদনা মিশ্ৰিত সুৱাস ।
জানা ৰাংঢালী দুপৰ নিশা দুৰণীৰ সীমনাত 
যেতিয়া হিয়া উজাৰী বিহগী জনী উচুপি বিনাই 
তেতিয়া মোৰ কলিজা খনেও তুমি  দিয়া 
প্ৰতিশ্ৰুতি বোৰৰ আশাৰ কোঠালীত অসহায়ভাৱে বাগৰ সলাই , 
গোপনে যান্ত্ৰণা কাতৰ সুৰ হৈ ।
          এতিয়া তুমি চাগৈ বহুত সুখী জীৱন সজোৱাৰ সেন্দুৰীয়া বাটত ।
মই আজিও একে ঠাইতে ৰৈ গ'লো সোঁৱৰণীৰ পৰিতক্ত ঠিকনাৰ বাটত পৰিচয়বিহিন হৈ ।  দীঘলীয়া নকৰোঁ মোৰ নীলা শব্দৰ সুঁতি । তোমাৰ 
স্মৃতিবোৰ সামৰি আধৰুৱা জীৱন পৃষ্ঠাৰ প্ৰহৰী হৈ এনেকৈয়ে ৰৈ যাম 
ফাগুনৰ সৰা পাতৰ বুকুত । মাথোঁ বসন্তৰ চৰাই জনী আহিলে এনেকৈয়ে 
তোমাৰ বতৰা লম ভুল নুবুজিবা তুমি সুখী হৈ ৰোৱা জীৱন বাটত
 পুনৰ বহুত মৰমেৰে তোমাৰেই 
                                  #অতীত ।।
                                         #প্ৰসন্ন/গোলাঘাট ।। #Dreams


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile