Nojoto: Largest Storytelling Platform
rikshikhakashyap8394
  • 18Stories
  • 7Followers
  • 135Love
    1.1KViews

Rikshikha Kashyap

Assamese girl..

  • Popular
  • Latest
  • Video
b67ee68debf81e9e6783cae0e3589e05

Rikshikha Kashyap

যদি দিনটোৰ ব্যস্ততাৰ অন্তত ও ,  আপোনাক চুই যোৱা নিসংগতাখিনি পুৰাব পৰাকৈ ; আপুনি নিজৰ বাবেই যথেষ্ট বুলি এটা শান্তিৰ উশাহ এৰিব পাৰিছে ।
বিশ্বাস কৰক  আপুনি যান্ত্রিকতাৰ মাজত হেৰাই যোৱা নাই । আপোনাক সুখী হ'বলৈ কোনো কাৰণৰ প্ৰয়োজন নাই ।

©Rikshikha Kashyap #Assamese 
#AssamesePoem 
#rikshikha
b67ee68debf81e9e6783cae0e3589e05

Rikshikha Kashyap

:অব্যৰ্থতা:
অলপ দূৰত্ব নাথাকিলে জানো
তুমি ইমানপৰে মোক ভাল
 পাই থাকিলাঁহেতেন ?
আকুল হৃদয়ৰ উক্তিবোৰক 
অজুহাঁতৰ সংজ্ঞাৰে 
তুমি বান্ধিলাহেঁতেন জানো ?
ভালেই হ'ল দূৰত্ববোৰ দূৰত্ব হৈ
থাকোতেই প্ৰেমৰ ইতিৰেখা
দৃঢ় হৈ ৰ'ল |

জানোছা অৱহেলিতাৰ মূৰ্ত 
কাহিনীৰ অলেখ জীয়া
ছবিবোৰৰ মাজত 
এখন নতুন ছবিয়ে
সমাজৰ বু-বা বোৰক
 কিছুক্ষণিকৰ বাবে
শিৰাসনত ৰাখিলেহেঁতেন !
 
কিজানিবা ! মোৰ কাহিনীও
বহুজনৰ অক্ষত 
কলমেৰে আত্মহত্যাৰ 
দেৱাঁলখনত স্পটৰেখাৰে
জিলিকি ৰ'লহেতেঁন !
      ©ঋকশিখা #Beauty
b67ee68debf81e9e6783cae0e3589e05

Rikshikha Kashyap

হীৰুদালৈ শ্ৰদ্ধাৰে

হীৰুদালৈ শ্ৰদ্ধাৰে

b67ee68debf81e9e6783cae0e3589e05

Rikshikha Kashyap

The blind
©Rikshikha Kashyap 

In the woods of havoc
Stands a blind man 
with no sympathy, 
The wisest man in the folks of God, 
His orbs were glittering like gold, 
And his vision, 
As long as the vast Pacific, 
Still, there stands a blind man
With no sympathy. 
Some lost their sights, 
In the measured times of love, 
And some, 
Creat es the sights 
in the ocean of love 
without the glittering eyes, 
That titles them the blind man. 
They tights the bolts, 
Covers their eyes 3 inches long, 
Creating the greatest histrionics, 
Still they fail to feel the showers, 
The showers of tears 
Of the bona fide blind man. #englispoem #poem #poem #theblind
b67ee68debf81e9e6783cae0e3589e05

Rikshikha Kashyap

অলপ অদৰকাৰী
 ©ঋকশিখা কাশ্যপ


অলপ অদৰকাৰী আছিলো
অলপ মানে  তেওঁৰ হৃদয়ে ঢুকিব
নোৱাৰাৰ সমানে  ঠিক অলপমান
কিন্তু নিজকে নিসংগ বুলি ভবাৰ ,
সমান  অনৰ্গল অদৰকাৰী হৈ 
থকাৰ তিক্ততাতকৈ তেওঁৰ দৃষ্টিত
অদৰকাৰী হোৱাটোৱে বৰ বেছি
কষ্ট দিয়া নাছিল |

কিমানখিনি অদৰকাৰী হ'লে
প্ৰতাৰণাৰ তীব্ৰ যাতনাৰ 
স্বল্পময়ী বান্ধোনেৰে কাৰোবাক
জীয়াই জীয়াই হত্যা কৰিব পাৰে ?
উত্তৰৰ অপেক্ষা আচলতে নাই 
নিস্তব্ধতাই চুই গ'লে কি হ'ব মোৰ
বুলি ভয় কৰা মুগ্ধ হিয়াখন কিমান
অদৰকাৰী জনাৰ আকাংক্ষা নাই |

কিন্তু অচেতন্য সম্ৰাজ্যখনৰ  
প্ৰতিটো অলিয়ে-গলিয়ে 
মন-মগজুৰ প্ৰত্যেকটো চৰিত্ৰই 
ৰাজপথৰ হাহাকাবোৰৰ মাজতো
মোক বাৰাম্বাৰ প্ৰশ্ন কৰে তাৰ সীমনা |
উশাহবোৰক তেতিয়া ফেঁটীসাপ যেন লাগে 
তথাপিও নিৰুত্তৰী প্ৰশ্নবোৰৰ  উত্তৰ মই জানো
অচেতন্য ৰাজপথটোত থিয় হৈ
চিঞৰি চিঞৰি ক'ব মন যায় 
অলমানহে অদৰকাৰী আছিলো ! #Light
b67ee68debf81e9e6783cae0e3589e05

Rikshikha Kashyap

বিপ্লৱী ওজা , তুমি অমৰ হোৱা :
          -ঋকশিখা 

নিৰ্যাতিত নিপীড়িত শস্যদ্ৰষ্টাৰ
কৰুণ হিয়াৰ কোলহোলবোৰৰ
স্বাৰ্থত সংগ্ৰামৰ বন্যা বোৱাবলৈ 
আজি তুমি নাই |

হে , জনতাৰ শিল্পী বিধ্বস্ত
সমাজৰ অশ্ৰুমালাৰ চেঁকুৰবোৰ ,
পোঁখালি নিবলৈ তুমি 
সাহসৰ মাজত অমৰ পোৱা |

বিপ্লৱৰ অনামী ঠিকনাই 
স্হায়িত্ব পাঁওক মাঁথো , 
তোমাৰ সংগ্ৰামৰ জীৱন্ত কাহিনীৰে 
বিপ্লৱৰ এটা নাম বিষ্ণুৰাভা বুলি |

হালধীয়াৰ বজাৰত এতিয়া
বিপ্লৱৰ নামত ধ্বনিত ভণ্ডামি ,
নষ্টসম্ৰাজ্যৰ মনুষ্যৰ জীৱন 
মুখৰিত হওঁক মুক্তিমান ৰাভা বুলি |

এটা অস্তব্ধ বিপ্লৱী জীৱনৰ 
উশাহেৰে জীৱিত হওঁক নৱ বিপ্লৱৰ ,
কেচাঁমাটিৰ সুবাসৰ মাজত 
প্ৰতিধ্বনিত হওঁক তোমাৰ বিপ্লৱ | #Health
b67ee68debf81e9e6783cae0e3589e05

Rikshikha Kashyap

অনুভৱৰ সৰ্প
_ঋকশিখা কাশ্যপ

এডাল অনুভৱৰ সৰ্পই
প্ৰতি নিশাই দংশন কৰে
মোৰ নিদ্ৰাৰ বিশুদ্ধতাক
বাৰাম্বাৰ উচুপি উঠে 
সৰ্পৰ দংশনত বিহ্বল 
হোৱা মোৰ মৌন
 হিয়াৰ প্ৰতিটো উশাহে  |

কোনোকালে বাধ্য নাৰী 
নোহোৱাৰ দৃঢ় সংকল্প
আৰু আকাশলাংঘী
 আকাংক্ষাৰ স্বপ্ন উজাৰি ,
নিস্পষ্ট জীৱনৰ সংজ্ঞাৰে
মই নিজেই ৰচনা কৰা
অভিলাষৰ অকাব্য |

অচেতন্য বুলি ভবা সেই
চেতন্য  অস্পৃশ্যবোৰৰ 
মাতাল ৰঙাচকুৰ ইংগিতবোৰ
বাৰে বাৰে বুকু কঁপি উঠে
সেই বাধ্য নাৰীবোৰৰ
আত্মজাঁহবোৰেৰে ৰচনা কৰা
অসুৰবোৰৰ নষ্টকাব্যই |

এগৰাকী নাৰীৰ বিপৰ্যায়বোৰ
ৰক্ষা কৰাৰ সেই নাৰীবাদৰ
অসাৰ্থকতাৰ বিধ্বংসী
অথচ অক্লান্ত প্ৰহৰী
হৈ গুঞ্জৰিত হৈ ৰোৱা
বুকু কপাঁ চিঞৰবোৰ | #newday
b67ee68debf81e9e6783cae0e3589e05

Rikshikha Kashyap

:তৰংগ:
        The wave

             
                 এটা অবিৰত যাত্ৰা #weather
b67ee68debf81e9e6783cae0e3589e05

Rikshikha Kashyap

#tereliye
b67ee68debf81e9e6783cae0e3589e05

Rikshikha Kashyap

#TalkOnline #Bangla #banglapoem #rabindranathtegore
loader
Home
Explore
Events
Notification
Profile