Find the Latest Status about assamese poem lyrics from top creators only on Nojoto App. Also find trending photos & videos.
Chiranjib Shankar
♚ উন্মনা ♚ গীতিকাৰ/সুৰকাৰ: চিৰঞ্জীৱ শঙ্কৰ ♬ৰচনা : 20-03-2006 উন্মনা মনে মোৰ বুজনি নামানে দিঠকে সপোনে সোণ বিচাৰে তোমাকহে উন্মনা মনে মোৰ.......... তুমি সোণ নুশুনিলা দুটি ওঁঠৰ মধুৰ ভাষা তুমি সোণ নুশুধিলা মোৰ মনৰ ভাৱনা হিয়াতে ছবি তোৰ আঁকিছো নিৰৱে গোপনে মৰমবোৰ সাঁচিছোঁ তোমালে' উন্মনা মনে মোৰ.......... কিয় সোণ নুবুজিলা মোৰ মৰম ভালপোৱা তুমি সোণ নেদেখিলা হিয়াৰ অলেখ বেদনা চকুতে সপোন ৰং সানিছো নিবিড়ে বকুৰে মৰমবোৰ দিবলে' তোমাকহে উন্মনা মনে মোৰ বুজনি নামানে দঠকে সপোনে সোণ বিচাৰে তোমাকহে উন্মনা মনে মোৰ.......... ☆☆☆☆☆☆☆☆☆☆☆ উন্মনা #citysunset #InspireThroughWriting #Assamese #AssamesePoem #Poet #poemlove #poem #assameselyrics #lyrics
Angarika Borah
মই দেখা পৃথিৱীখন সৰু এইধৰা এখন গাঁও য'ত জুতি লৈছো আইৰ হাতৰ পইতা ভাত মুঠিত ভোটজলকীয়া আৰু কাজি নেমুৰ সোৱাদ আৰু ঠেটুৱৈ ধৰা শীতত জোহালৰ আগত জোপ মাৰি উম লোৱাৰ পৰতে খৰি এডালেৰে খুচৰি খুচৰি অঙঠাৰ মাজত সোমোৱা সৰু আলুগুটি.. ঘোটমৰা নিশাবোৰত চাও খিৰিকিৰে আফিঙৰ দৰে নিচা লগা জোন আৰু পুৱাবোৰত কিচিমিচি চৰাইজাকৰ কোলাহল.. মই দেখা পৃথিৱীখন সৰু.. য'ত আবেলিবোৰত উৰি ফুৰা জোনাকিপৰুৱা বোৰ মোৰ প্ৰিয় আৰু বৰষুণ দিলে দীঘলকৈ উশাহত টানি লঁও কেঁচা মাটিৰ গোন্ধ... --আংগাৰিকা #assamese poem