Nojoto: Largest Storytelling Platform

উৰুখা পঁজাটিতহে চলিব শব্দৰ আবদাৰ। (মই জনাত )ৰঙীল দ

উৰুখা পঁজাটিতহে চলিব শব্দৰ আবদাৰ।
(মই জনাত )ৰঙীল দেৱালখনিয়ে কাহানিও নুবুজিব প্ৰণয়ৰ গভীৰ শ্লগান। 

অনুভৱে উচুপিলে ৰঙা মাটিৰ লেপখিনিয়ে,
চকুলোবোৰ মচি থব। 
যদি হাঁহে...
টকৌপাতখিলাৰ সুৰুঙাৰটিৰে ---
আকাশৰ জোনটিয়ে ভালপোৱাবোৰ সামৰি থব। 

কিন্তু কবিতাই কান্দিলে ,
মইয়ো কান্দিছো বুলি আপুনি কিন্ত মোক ভুল নুবুজিব। 
-------------------------শেষত
 অনুভৱবোৰৰ বয়স বাঢ়িলে কপি উঠা হাতখনিক
সঁহাৰি কোনে দিব..........? 

  #yqbandhoi #yqassamese #writersofassam #assamesepoetry #assameselovepoetry