Nojoto: Largest Storytelling Platform

Best assameselovepoetry Shayari, Status, Quotes, Stories

Find the Best assameselovepoetry Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about assamese love sad poem, assamese sad love poem, assamese romantic poem for love, assamese love sms, assamese love message,

  • 2 Followers
  • 6 Stories
    PopularLatestVideo

sangita

ভালপোৱাবোৰ শিপাই যায়.... হৃদয়ৰ আকলুতাৰ সিপাৰে, বিশ্বাসৰ সোৱণশিৰিৰ সুগভীৰ বুকুলৈ। "জীৱনৰ গীতবোৰে ইয়াতেই যেন লাভ কৰে সুৰসপ্তক। " প্ৰখৰ ৰ'দত পৰাণে তিতি তিতি আছে.... কাইলৈ বুলি জীৱনৰ সুখ বিচাৰি। #assamesepoetry #yqbandhoi #yqassamese #writersofassam #assameselovepoetry

read more
ভালপোৱাবোৰ শিপাই যায়.... 
হৃদয়ৰ আকলুতাৰ সিপাৰে, 
বিশ্বাসৰ সোৱণশিৰিৰ সুগভীৰ বুকুলৈ।

"জীৱনৰ গীতবোৰে ইয়াতেই যেন লাভ কৰে সুৰসপ্তক। "

প্ৰখৰ ৰ'দত পৰাণে তিতি তিতি আছে.... 
কাইলৈ বুলি জীৱনৰ সুখ বিচাৰি।

জীৱন উপন্যাস( মোৰ)!
অথচ হাঁহিৰ চৰিত্ৰটি প্ৰৱেশ কৰাবলৈ তেওঁজন ব্যস্ত হৈ আছে ...,
সুৰৰ লহৰৰ মাজত জীৱন যুদ্ধ কৰি।। ভালপোৱাবোৰ শিপাই যায়.... 
হৃদয়ৰ আকলুতাৰ সিপাৰে, 
বিশ্বাসৰ সোৱণশিৰিৰ সুগভীৰ বুকুলৈ।

"জীৱনৰ গীতবোৰে ইয়াতেই যেন লাভ কৰে সুৰসপ্তক। "

প্ৰখৰ ৰ'দত পৰাণে তিতি তিতি আছে.... 
কাইলৈ বুলি জীৱনৰ সুখ বিচাৰি।

sangita

জীয়া কাহিনীৰ উষ্মতাৰ কোবত....
সময়ৰ শুভ্ৰাবেশী পৃষ্ঠাত লাগি ধৰে ,
ক্ৰমে অযুত কবিতা।

উশাহবোৰে আকাংক্ষাৰ বকুল বুটলিবলৈহে ওলাই যায়...।
এজাৰফুলা পদূলিত থমকি যোৱাৰ প্ৰয়োজনেইবা ক'ত.....?

তথাপিও অনাকাংক্ষিতভাৱে মেৰিয়াই ধৰেই .............
আঁউসীৰ কলা স্বপ্নই..!
(যেতিয়া শৰৎৰ সুবাসিনী নিশাবোৰকো ভেঁজাল যেন লাগে। )

আক্ষেপবোৰ যেন ইয়াততেই অৰ্থহীন ।
য'ত নেকি কবিতাৰ বিননিতচোন কেতিয়াবা.....,
নিশাহবোৰে প্ৰাপ্তিৰ হুমুনিয়াহটি নোপোৱাকৈয়ে পৰাণৰ লগ এৰে..! 🖤🖤
#yqbandhoi #yqassamese #writersofassam #assamesepoetry #assameselovepoetry

sangita

প্ৰিয় 🖤🖤 অথচ,আজিও তেওঁ দৰেই হৈ আছে। হৃদয়খন আজিও পুৰণি ...! আৰু ভালপোৱাবোৰ এতিয়াও সেই তাহানিৰ...... বৰ আওপুৰণি। #yqbandhoi #yqassamese #writersofassam #assamesepoetry #assameselovepoetry

read more
দিনবোৰেও খোজ লয়... 
স্তব্ধ যেন কোনোৱেই নহয়। 

এদিন সুখৰ হালধীয়া হাঁহি তেওঁ পিন্ধিছে
আৰু এদিন মই..! 
কেতিয়াবা জীৱনে ....,
বিষাদৰ কবিতা হৈ বৰকৈ কান্দিছে(মোৰ)
কেতিয়াবা আকৌ...,
 সময়ৰ দাবীত গীতবোৰে বেদনালৈ সুৰটি সলাইছে।(তেওঁৰ)

দুখ কোনে দেখা নাই....? 
সুখৰ আভৰণ কোনে পিন্ধা নাই। 
মাজে-মাজে চক্ৰবাত এজাক..... 
উস্..! জীৱনতচোন সকলোবোৰেই আছে। 
দি আছে সময়ে জীৱনৰ এটি এটি সংজ্ঞা....
উপহাৰ হিচাপে।। 

ক্ষণবোৰ এইদৰেই গৈ আছে......... 

অথচ,আজিও তেওঁ তেওঁৰ দৰেই হৈ আছে। 
হৃদয়খন আজিও পুৰণি ...( প্ৰিয়) 
আৰু ভালপোৱাবোৰ এতিয়াও সেই তাহানিৰ...... 
বৰ আওপুৰণি। (প্ৰিয়) 
     প্ৰিয় 🖤🖤
অথচ,আজিও তেওঁ  দৰেই হৈ আছে। 
হৃদয়খন আজিও পুৰণি ...!
আৰু ভালপোৱাবোৰ এতিয়াও সেই তাহানিৰ...... 
বৰ আওপুৰণি। 
    

#yqbandhoi #yqassamese #writersofassam #assamesepoetry #assameselovepoetry

sangita

উৰুখা পঁজাটিতহে চলিব শব্দৰ আবদাৰ।
(মই জনাত )ৰঙীল দেৱালখনিয়ে কাহানিও নুবুজিব প্ৰণয়ৰ গভীৰ শ্লগান। 

অনুভৱে উচুপিলে ৰঙা মাটিৰ লেপখিনিয়ে,
চকুলোবোৰ মচি থব। 
যদি হাঁহে...
টকৌপাতখিলাৰ সুৰুঙাৰটিৰে ---
আকাশৰ জোনটিয়ে ভালপোৱাবোৰ সামৰি থব। 

কিন্তু কবিতাই কান্দিলে ,
মইয়ো কান্দিছো বুলি আপুনি কিন্ত মোক ভুল নুবুজিব। 
-------------------------শেষত
 অনুভৱবোৰৰ বয়স বাঢ়িলে কপি উঠা হাতখনিক
সঁহাৰি কোনে দিব..........? 


  #yqbandhoi #yqassamese #writersofassam #assamesepoetry #assameselovepoetry

A Lone

কোন মই...🖤🥀 #assamesepoetry #assamesequote #assamesewriters #AssamesePoem #Assamese #assameselovepoetry #Assamese #অসমীয়াকবিতা

read more
হাজাৰ চিঞঁৰত, আজি নিৰ্ভীক দুকাণ মোৰ...
মদিৰাৰ ৰাগিত, প্ৰদূষিত স্মৃতি শুকান মোৰ...

বলিয়া ধুমুহাত, সিক্ত কলিজা জঠৰ মোৰ...
মেঘালী চুলিবোৰ, অতীত চিনাকি পথৰ মোৰ...

বসন্তৰ শবদটোৱে, কবিতাৰ কলম মোৰ...
বন্ধুৰ মুখৰ, ভিজা চিগাৰেটটোৱে, 
ডাগৰ মলম মোৰ...

হাঁঃ হাঁঃ হাঁঃ...
শব্দ ৰামধেনুৰ সাঁথৰত, আজি প্ৰেমিক মই...!?
ৰঙীন সমাজত, কৃত্ৰিম হৃদয়ৰ, 
আজি শ্ৰমিক তই...!?🖤🥀 কোন মই...🖤🥀



#assamesepoetry #assamesequote 
#assamesewriters #assamesepoem #assamese #assameselovepoetry #assamese #অসমীয়াকবিতা

A Lone

তোৰ বুকুৰ একেবোৰ শব্দ কে মই বাৰে বাৰে এতিয়াও মোৰ তেজেৰে লিখো, তোৰ বাবে এতিয়াও সিঁহতে উচুপি থাকে ৰাতি, মোৰ বিশৃংখল কোঠাটোৰ কোনোবা এন্ধাৰ চুকত পৰি থকা আধা ভগা টেবুল খনৰ ওপৰৰ জীৰ্ণ কাগজ বোৰৰ দ'মত...🖤 #assamesequote #assamesepoetry #AssamesePoem #assameselovepoetry #assamesewriters #FirstLove #অসমীয়া #অসমীয়াকবিতা

read more
কবিতা

যি দিনা তুমি, 
এজন কবিৰ প্ৰেয়সী হ'বা...
তুমি, অস্তহীনতাৰ বুকুত, 
অমৰ হৈ ৰ'বা...
তেওঁৰ, কবিতা হৈ,
বিশ্বক প্ৰেমৰ অনুভৱ ক'বা...
কাৰণ, তেওঁ কবি,
আৰু, তুমি তেওঁৰ...
কবিতা... তোৰ বুকুৰ একেবোৰ শব্দ কে মই বাৰে বাৰে এতিয়াও মোৰ তেজেৰে লিখো, তোৰ বাবে এতিয়াও সিঁহতে উচুপি থাকে ৰাতি, মোৰ বিশৃংখল কোঠাটোৰ কোনোবা এন্ধাৰ চুকত পৰি থকা আধা ভগা টেবুল খনৰ ওপৰৰ জীৰ্ণ কাগজ বোৰৰ দ'মত...🖤



#assamesequote #assamesepoetry #assamesepoem #assameselovepoetry #assamesewriters #firstlove #অসমীয়া #অসমীয়াকবিতা


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile