Nojoto: Largest Storytelling Platform
alone3479928305961
  • 33Stories
  • 0Followers
  • 5Love
    0Views

A Lone

  • Popular
  • Latest
  • Video
95ff3a716c05c6455c78c48854d433ae

A Lone

এন্ধাৰত ফুলে নে তোমাৰ সূৰ্য্যমুখী

মোৰ জীৰ্ণ বুকুৰ শুকান কলিজাত,
আজি এপাহ ফুল ফুলক,
তোমাৰ নামত,
এপাহ সূৰ্য্যমুখী ফুল ।
অৱশ্যই জানা চাগে,
জীৰ্ণতা হৈছে প্ৰেমৰ অলংকাৰ,
এৰাব নোৱাৰা ।

টক্সিক আকাশ খনত,
বেলি ডুবি এন্ধাৰ গলিলেই যেনিবা,
শেষ বাৰৰ বাবে আজি তোমাক,
লিখিব নোৱাৰিম নে,
পিছে, তোমাৰ দেহৰ ব্যাকৰণত,
আছে নে নাই,
তোমাক লিখাৰ নিয়ম, প্ৰিয়তমা

95ff3a716c05c6455c78c48854d433ae

A Lone

মৌ-পিয়া তোমাৰ নাম

অন্বেষাৰ বুকুত এখন চহৰ আছিল ।
চহৰ খনত এজাক বৰষুণ নামিছিল,
বৰষুণত একোছা চুলি ভিজিছিল,
চুলি মেলি এটা খোপা বান্ধিছিল,
খোপাত এপাহ ফুল গুজিছিল,
আৰু সেই ফুলতে এদিন মৌ পৰিছিল ।

তেজস্ক্রিয় কৃত্ৰিমতাৰ বিষাক্ত বুৰঞ্জীত,
এইয়া কবৰৰ বাগিচা ।
ইয়াত নুফুলে ভালপোৱা,
নাইবা এজাৰৰ কাহিনী !
ৰচনা নহয় জীৱন নাটৰ, নতুন দৰ্শনা ।
ইয়াত খাবলে নাপাই ভোকত মৰে মানুহ ।
উদং পেটত গজালি মেলি মৰহি পেলাই সপোন ।
ড্ৰেইন বোৰত কামনাৰ পৰিধি ছিঙা তেজ বয় ।
এন্ধাৰ গলি বোৰত ভদ্ৰ মুখা বোৰ নেদেখা হয় ।
জীৱন দিয়াৰ চুক্তিৰে ৰাতি বোৰে প্ৰাণ লয় ।
পাৰমাণৱিক এক্সপেৰিমেন্ট কৰা,
মোৰ হৃদয় এতিয়া জটিল । মৌ-পিয়া তোমাৰ নাম ।

মৌ-পিয়া তোমাৰ নাম ।

95ff3a716c05c6455c78c48854d433ae

A Lone

মোৰ বুকত তোমাৰ হাতখন এবাৰলৈ থোৱা !
থার্মোডাইনামিক্সে ঋণী হৈয়ে,
বোৱাই দিব মোৰ দেহত !
তোমাৰ কঁকাল চোৱা চুলিৰ,
এমুঠি ভালপোৱা আৰু এমুঠি আতৰ ।— % & তোমাৰ কঁকাল চোৱা চুলিৰ,
এমুঠি ভালপোৱা আৰু এমুঠি আতৰ ।




#assamesepoetry #assamesepoem #assamese #assamesequote #ভালপোৱা #blue #love #poem

তোমাৰ কঁকাল চোৱা চুলিৰ, এমুঠি ভালপোৱা আৰু এমুঠি আতৰ । #assamesepoetry #AssamesePoem #Assamese #assamesequote #ভালপোৱা #blue love #poem

95ff3a716c05c6455c78c48854d433ae

A Lone

বিয়েত্ৰিছ নহয় তুমি নীলাঞ্জনা

আজি কিহৰ আয়োজন,
ইমান বিশাল, মৃত্যুৰ ?
ব'লা টেমস‍‍ৰ বাকৰিতে উদযাপন কৰোঁগে,
আমাৰ মৃত্যুক !
বানে ধোৱা ধূলিত আপঙ এপিয়লা ঢালি সৃষ্টি কৰিম,
ঠিক দান্তে বিয়েত্ৰিছৰ, লা ভিতা নুওভা নহয় !
লিওনার্দো দা ভিঞ্চিৰ মনালিছাও নহয় !
সৃষ্টি কৰিম তোমাৰ বুকুৰ ইংলিশ চ্যানেল,
সাঁতোৰি পাৰ কৰাৰ বিৰাট অভিলেখ !
সুখবোৰত তুমি হেৰাই যাবা ।
মিসিসিপিৰ মাজুলীত বিচাৰি যাম তোমাক,
আমাজনৰ এন্ধাৰটো কেৱল হতাশাই পাম !
অৱশত মোৰ হাতৰ চিগাৰেটটোও সৰি পৰিব,
দা গ্ৰেট গ্ৰেণ্ড কেনিয়নৰ মাজেৰে,
তোমাৰ সন্ধানতে চাগে ! বিয়েত্ৰিছ নহয় তুমি নীলাঞ্জনা...💙






#assamesepoetry #assamesequote #assamese #নীলাঞ্জনা #sky #blue #love #loneliness

বিয়েত্ৰিছ নহয় তুমি নীলাঞ্জনা...💙 #assamesepoetry #assamesequote #Assamese #নীলাঞ্জনা #Sky #blue love #Loneliness

95ff3a716c05c6455c78c48854d433ae

A Lone

এইয়া যে কবিতা নহয়

তোৰ বুকুৰ, একেবোৰ শব্দকে...
বাৰে বাৰে মই এতিয়াও,
মোৰ তেজাল হাতেৰে লিখো ।
এতিয়াও সিঁহতে উচুপি থাকে ৰাতি,
মোৰ বিশৃংখল কোঠাটোৰ, 
কোনোবা এন্ধাৰ চুকত পৰি থকা বৰ শোচনীয়,
আধা ভগা টেবুল খনৰ ওপৰৰ,
জীৰ্ণ কাগজ বোৰৰ দ'মত...!

এইয়া যে কবিতা নহয়,
চুৰমাৰ হিয়াৰ মোৰ,
টুকুৰা বোৰে গোৱা আমনি দায়ক,
বৰ বিভছ কোলাহল...! এইয়া যে কবিতা নহয়, চুৰমাৰ হিয়াৰ মোৰ টুকুৰা বোৰে গোৱা আমনি দায়ক বৰ বিভছ কোলাহল...🖤




#assamesepoetry #assamese #assamesequote #assamesewriters  #yqbaba #yqdidi #love #past

এইয়া যে কবিতা নহয়, চুৰমাৰ হিয়াৰ মোৰ টুকুৰা বোৰে গোৱা আমনি দায়ক বৰ বিভছ কোলাহল...🖤 #assamesepoetry #Assamese #assamesequote #assamesewriters #yqbaba #yqdidi love #Past

95ff3a716c05c6455c78c48854d433ae

A Lone

চিঠি

মই মুঠেই নীলিম কুমাৰ নহয়,
উপন্যাস লিখি,
তাতে কবিতা ৰচিবলৈ,
নদীৰ পাৰত বহি,
সাহিত্যৰ বিৰল ছবি আঁকিবলৈ,
তোৰ নামত প্ৰেমত,
মোৰ বুকুত সোণালী শইচ সিঁচিবলৈ,

আধা ফাটি পৰিব ধৰা কাগজ খনতে,
মোৰ কাউৰী-ঠেঙীয়া আখৰে,
এখন চিঠিকে লিখিম, হ'ব নে... নীলিম কুমাৰৰ দৰে কবিতা লিখিব নাজানো, এখন চিঠিকে লিখিম হ'ব নে ?

#assamesepoetry #assamese #assamesequote #assamesewriters  #yqbaba #yqdidi #love #letters

নীলিম কুমাৰৰ দৰে কবিতা লিখিব নাজানো, এখন চিঠিকে লিখিম হ'ব নে ? #assamesepoetry #Assamese #assamesequote #assamesewriters #yqbaba #yqdidi love #letters

95ff3a716c05c6455c78c48854d433ae

A Lone

আবিৰ

সৌৱা দেখিছা, আবিৰ...
আকাশৰ, নিভাঁজ নীলা বোৰতে,
মোক চাবা...
কাহানিবা বেজাৰতে,
অকলশৰীয়া হৈ ৰ'লে,
নিখোঁজ এন্ধাৰতে, মোক পাবা...

আৰু, যদি কেতিয়াবা...
এনে ভাব হয়,
মই, নোহোৱাৰ...
এবাৰলৈ, তোমাৰ অতল হিয়াত,
মোক, বিচাৰি যাবা... past...
95ff3a716c05c6455c78c48854d433ae

A Lone

আৰ্তনাদ

সিহঁতৰ ভৰিৰ,
ধূলিতে লহিয়াই, মোৰ দিন...।
আপুনিটো সেই,
আঢ্যৱন্ত কেঁকুৰিটোৰ চহকী প্ৰিয়া,
কিয় বা চিনি পাব...!

কিন্তু এদিন, আপুনিও অসংশয়ে শুনিব,
মোৰ শেষ আৰ্তনাদৰ, তেজীমনা চিৎকাৰ...
কোনোবা দূৰ বিহগী গীতৰ সুৰত,
নাচি উঠা, সাতোৰঙী আকাশৰ নীলা বোৰ, 
কেৱল মোৰ বুলি তাগিদা কৰাৰ...!
যদিও, মোৰ প্ৰিয় ক'লা,
আৰু হিয়া আবিল এলান্ধুৰেই...! আপুনিটো সেই,
আঢ্যৱন্ত কেঁকুৰিটোৰ চহকী প্ৰিয়া,
কিয় বা চিনি পাব...! 🖤

আপুনিটো সেই, আঢ্যৱন্ত কেঁকুৰিটোৰ চহকী প্ৰিয়া, কিয় বা চিনি পাব...! 🖤 #alone #AssamesePoem #assamesequote #assamesepoetry #assamesewriters

95ff3a716c05c6455c78c48854d433ae

A Lone

নিস্তেজ

নিশ্চয়ে অজান,
আপুনি, কোন বাৰু...?
কাতৰ চিঞৰে, পাঁজৰ অসীমে,
এই বুলি সুধিলে...!

ধাৰাষাৰ প্ৰশ্নই,
জুৰুলা কৰা অসিত,
আঁৰালৰ আঁৰত, অবাক কোনোবা,
নিঃসঙ্গে নিশব্দে...!
হঠাৎ, এটা অৱশ উচ্চাৰ্...!
মই, নিস্তেজ... মই, নিস্তেজ...🖤





#assamesepoetry #assamese #assamesewriters #assamesequote #writer #কবিতা #অসমীয়া #broken

মই, নিস্তেজ...🖤 #assamesepoetry #Assamese #assamesewriters #assamesequote #writer #কবিতা #অসমীয়া #Broken

95ff3a716c05c6455c78c48854d433ae

A Lone

হিয়াৰ চিঠি

মোৰ ভংগুৰ...
এঙাৰ, হিয়াৰ চিঠি...
তাড়নাৰ কোলাহলতে,
কলিজা ভেদা, তেজেৰে...
তোক লিখিছো...

মোলান, ধূসৰ আঁউসীৰ,
এন্ধাৰ সি...
পাৰিবি জানো, সহিব...?
তাৰ, বিষণ্ণ আখৰৰ,
প্ৰচণ্ড জোৱাৰ...! পাৰিবি জানো, সহিব...?
তাৰ বিষণ্ণ আখৰৰ,
প্ৰচণ্ড জোৱাৰ...🖤🥀




#assamesepoetry #assamese #assamesewriters #assamesequote #broken #selflove #alone #অসমীয়াকবিতা

পাৰিবি জানো, সহিব...? তাৰ বিষণ্ণ আখৰৰ, প্ৰচণ্ড জোৱাৰ...🖤🥀 #assamesepoetry #Assamese #assamesewriters #assamesequote #Broken #selflove #alone #অসমীয়াকবিতা

loader
Home
Explore
Events
Notification
Profile