Find the Best ভালপোৱা Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about à¦à¦¾à¦²à¦ªà§‹à§±à¦¾à§° status, à¦à¦¾à¦²à¦ªà§‹à§±à¦¾à§° কিছৠকথা, à¦à¦¾à¦²à¦ªà§‹à§±à¦¾ মানে কি, à¦à¦¾à¦²à¦ªà§‹à§±à¦¾ কি, à¦à¦¾à¦²à¦ªà§‹à§±à¦¾à§° কবিতা,
sangita
কিমান আৰু ৰচিব আকাশৰ ইতিকথা ---- নাইবা শব্দৰে আঁকিব জীৱন মঞ্চত এখনি বিষাদৰ নাটিকা। এমুঠি মাথোঁ সময় ময়োটো আমাৰ হোৱাটো বিচাৰো, শুধিব বিচাৰো-- "আপোনাৰ ভালপোৱা কি".. ? //গান নে কবিতা// 🍁🍁🍁🍁সহযোগ কৰিলে সুখী হ'ম 🥰🥰 #assamesequote #assamese #ypurquote #yqbandhoi #আপুনি #ভালপোৱা #YourQuoteAndMine Collaborating with Parismita Borah
sangita
এমুঠি আৱেগ খামুচি------ কোনে লিখে...? এন্ধাৰ কাৰেংত ভালপোৱাৰ দিনলিপি। এজাক "আমাৰ সপোন"ৰ খতিয়ান... কিমান আপোনত্বই আঁকিব পাৰে.....? ৰুগ্ন কায়াৰ কঁপা আঙুলিৰ পৰশেদি, এহেজাৰ অনুভৱৰে ভালপোৱাৰ কিংকিনী গাঁঠি।। #ভালপোৱা #assamesequote #yqbandhoi #yqbaba
sangita
মৰমবোৰ ৰৈ গ'লে, ইতিহাসেও মাত দিব। হৃদয়ৰ কাহিনী এটিয়ে..... আকৌ ক'ৰবাত ভালপোৱাৰ ৰঙ সানিব। যদি আস্থাবোৰ------- শোতোৰা পৰা হাতখনিৰ ভাঁজলৈকে শিপাই যায়। যদিহে আৱেগবোৰেও------ বয়সে চুই যোৱা দুকপোলকো পৰশি যায়।। তেন্তে কিংবদন্তি হৈ পৰিব---- (এই আধ্যা )। এই হৃদয়ৰ কাহিনী যুগৰ শেষলৈ শিয়াব।। #ভালপোৱা মৰমবোৰ ৰৈ গ'লে, ইতিহাসেও মাত দিব। হৃদয়ৰ কাহিনী এটিয়ে..... আকৌ ক'ৰবাত ভালপোৱাৰ ৰঙ সানিব। যদি আস্থাবোৰ------- শোতোৰা পৰা হাতখনিৰ ভাঁজলৈকে শিপাই যায়।
sangita
প্ৰণয়পাশৰ সংজ্ঞা বাঙ্ময় নহয় বাবেই সম্ভৱতঃ ..! মস্তিষ্কৰ আজ্ঞপ্তি নাই যদিও হৃদয় আপোনাৰ প্ৰেমত, কুৰংগহেন আপোনাৰ দৃকৰ প্ৰগাঢ়তাত বাৰে-বাৰে মই নিজকে হেৰুৱাই পেলাও জানে ..? আপোনাৰ কণ্ঠস্বৰত মইজনীৰ হৃৎ কণ্ঠ কিয় বাৰু হৈ পৰে টলকতে অনুক্ত ..? আপুনি হয়তো নাজানে য়ে, সংগোপনে....... জীয়া নিস্বানৰ নীলাবোৰৰ মাজতো খোদিত হয় আপোনাৰেই অনুভুতি ..! অনুভৱৰ দুৰ্বোধ্যতাৰ অৱগুণ্ঠন ছিঙি কেনেকৈনো বুজাও আপোনাক , কিয়নো আপোনাৰ যে হৃৎ অনুভূতি বোধগম্য শকতি নিৰ্বোধ। সহযোগ কৰিব চোন ।#অসমীয়া #প্ৰেম #ভালপোৱা #আকাংখ্যাৰ_দিনলিপি #YourQuoteAndMine Collaborating with Parismita Borah
sangita
তুমি মোৰ হোৱা বুলি নকও দিয়া... কিয়নো তুমি মোৰ নহলেও নাই, মই কিন্তু আজীৱন তোমাৰেই.... #জোনাক #ভালপোৱা #YourQuoteAndMine Collaborating with Gautom Saikia
sangita
এইযে তুমি শেৱালি ফুলৰ পৰা আঁতৰি ফুৰা সুগন্ধিত মোক বিচাৰি পোৱাৰ ভয়ত.. এইযে তুমি বৰষুণ জাকত তিতিবলে আজিও ভয় কৰা মোৰ স্মৃতিবোৰে.... কলিজাত বিষ সানি দিয়াৰ ভয়ত... তোমাৰ জানো কষ্ট নহয় বুকুৰ গুপুত অনুক্ত মৰমবোৰক লৈ..? #প্ৰেম #অভিমান #ভালপোৱা #assamesequote #yqquotes #YourQuoteAndMine Collaborating with Ar Dutta
A Lone
মোৰ বুকত তোমাৰ হাতখন এবাৰলৈ থোৱা ! থার্মোডাইনামিক্সে ঋণী হৈয়ে, বোৱাই দিব মোৰ দেহত ! তোমাৰ কঁকাল চোৱা চুলিৰ, এমুঠি ভালপোৱা আৰু এমুঠি আতৰ ।— % & তোমাৰ কঁকাল চোৱা চুলিৰ, এমুঠি ভালপোৱা আৰু এমুঠি আতৰ । #assamesepoetry #assamesepoem #assamese #assamesequote #ভালপোৱা #blue #love #poem
BIDISH GOSWAMI
ভালপোৱা ভালপোৱা কাৰোবাৰ অৰ্থহীন ভালপোৱা কাৰোবাৰ সীমা হীন.... কোনোবাই হৃদয় বন্ধকত থৈ ভালপোৱা কিনে কোনোবাই কলিজাত বোজ বান্ধি বলিদান সহে। শেষ নহয় যোগ বিয়োগ, বৈ ৰয় ভালপোৱা বোৰ..... মাৰ গৰ্ভৰ পৰা পিতাৰ বুকুচালৈ ককাৰ কান্ধৰ পৰা প্ৰেমিকৰ বুকুলৈ, ভালপোৱাৰ অৱসান নাই..... নদীৰ দৰে বৈ থাকে মনে মনে আমি নজনাকৈ, নুবুজাকৈ....... #ভালপোৱা
R...🍁
ভালপোৱাৰ অৰ্থ বিচাৰি অভিধান চোৱাৰ প্ৰয়োজনেই বা ক'ত? এইযে তেওঁৰ অনুপস্থিতিত উশাহবোৰ ক্ৰমাত স্তব্ধ হ'বলৈ ধৰে তাৰ নামেইটো ভালপোৱা...! #ভালপোৱা #উশাহ #অসমীয়া #অসমীয়া_অনুভৱ #yqbaba #yqbandhoi #yqquotes #assamesewriters
R...🍁
নৈক সুধিছিলোঁ আচলতে ভালপোৱা মানে কি?...❤ নৈয়ে কৈছিল:- হাজাৰ ঠেকা খাইও যে মই শিলৰ কাষেৰেই অহৰহ বৈ আছো সেয়াই ভালপোৱা। যিদৰে হাজাৰটা ধুমুহা পাৰ হৈ গ'লেও জীৱনটোক যে বুকুত কোলাৰ কেঁচুৱাৰ দৰে সাৱটি আছা সেইয়াই ভালপোৱা...❤❤ #নৈৰ_দৰে #ভালপোৱা #অসমীয়া #অসমীয়া_অনুভৱ #yqbaba #yqbandhoi #assamese #assamesewriters