Nojoto: Largest Storytelling Platform

New assamese Quotes, Status, Photo, Video

Find the Latest Status about assamese from top creators only on Nojoto App. Also find trending photos & videos about, assamese.

    PopularLatestVideo

A Lone

কোন মই...🖤🥀 #assamesepoetry #assamesequote #assamesewriters #AssamesePoem #Assamese #assameselovepoetry #Assamese #অসমীয়াকবিতা

read more
হাজাৰ চিঞঁৰত, আজি নিৰ্ভীক দুকাণ মোৰ...
মদিৰাৰ ৰাগিত, প্ৰদূষিত স্মৃতি শুকান মোৰ...

বলিয়া ধুমুহাত, সিক্ত কলিজা জঠৰ মোৰ...
মেঘালী চুলিবোৰ, অতীত চিনাকি পথৰ মোৰ...

বসন্তৰ শবদটোৱে, কবিতাৰ কলম মোৰ...
বন্ধুৰ মুখৰ, ভিজা চিগাৰেটটোৱে, 
ডাগৰ মলম মোৰ...

হাঁঃ হাঁঃ হাঁঃ...
শব্দ ৰামধেনুৰ সাঁথৰত, আজি প্ৰেমিক মই...!?
ৰঙীন সমাজত, কৃত্ৰিম হৃদয়ৰ, 
আজি শ্ৰমিক তই...!?🖤🥀 কোন মই...🖤🥀



#assamesepoetry #assamesequote 
#assamesewriters #assamesepoem #assamese #assameselovepoetry #assamese #অসমীয়াকবিতা

Nojoto, ASSAMESE

জীৱনৰ জখলা বগাৱ নাজানিলোঁ, সকলোৱে যেন আগুৱাই গ'ল, মই হে থমকি ৰলো, পোৱা নোপোৱাৰ হিচাপে বহু কৰিলে হতাশ মোৰ জীৱনক, আৰু নকৰোঁ হিচাপ, পোৱাখিনি কম নহয় মোৰ, আছে মোকো ভালপোৱা মানুহ মা দেউতা সেয়ে বহুত।

©Nojoto, ASSAMESE #Assamese #AssamesePoem #Assamesequotes #assamesepoetry #assam

#WelcomLife

A Lone

এতিয়াও তই...🖤🥀 #assamesepoetry #Assamese #assamesequote #assamesewriters #AssamesePoem #অসমীয়াকবিতা #অসমীয়া #অসমীয়াঅনুভৱ

read more
মোৰ, সকলো বোৰ...
বৰ উৰুঙা হৈ পৰিল অ'...!
চিগাৰেটে, শেষ কৰা...
দেহটোকে লৈ, ৰোমন্থিত হয়...
তোৰ, আধৰুৱা স্মৃতি...
বন্ধুৰ লগত...
মদিৰাৰ আগত...!
  
এতিয়া একো নাই আৰু....
আছে মাথোঁ...
তোৰ ওঁঠৰ, পাহৰা স্বাদ...!
আৰু কিছুমান অস্পষ্ট আশা...
দুৰুহ আশা...
আহিবি...!? এতিয়াও তই...🖤🥀



#assamesepoetry #assamese #assamesequote #assamesewriters #assamesepoem #অসমীয়াকবিতা #অসমীয়া #অসমীয়াঅনুভৱ

A Lone

তাইৰ হাঁহি...🖤🥀 #assamesepoetry #assamesequote #AssamesePoem #Assamese #assamesewriters #অসমীয়া #অসমীয়াকবিতা #অসমীয়াঅনুভৱ

read more
এটি গান,
বিষন্নতাৰ, এটি সুৰবিহীন গান...!
মুখত গুন গুনাই, তাইও হৈ পৰিল আজি...
সস্তীয়া প্ৰেমিকৰ, মাতাল, অশ্লীল বদনাম...।
 
তাই, সুখী...!
মিছিকিয়া হাঁহিৰেই লুকুৱাই ৰাখে...
ৰাত্ৰিৰ ছায়াচ্ছন্নতাৰ, অশ্ৰু...

আৰু,
নিৰ্লজ্জ আধুনিকতাৰ সিহঁত !
বলিয়া, তাইৰ বাবে...
ফুটি উঠা,
তাইৰ, যৌৱনৰ ভাঁজ বোৰত !
কিন্তু...
কিন্তু বিধ্বস্ত কবিতাৰ,
বিষাদগ্ৰস্ত, তাইৰ প্ৰেম...।
আইনাখন চাই,
তাই আজিও অপেক্ষাৰত...
মলিয়ন অতীতৰ...
কাৰণ...
তাই, সুখী...!?
 তাইৰ হাঁহি...🖤🥀



#assamesepoetry #assamesequote #assamesepoem #assamese #assamesewriters #অসমীয়া #অসমীয়াকবিতা #অসমীয়াঅনুভৱ

R...🍁


সময়ে কেতিয়াবা বধিৰ কৰে আৰু কেতিয়াবা অস্থিৰ,
ঠিক একপক্ষীয়ৰ দৰে,
যি প্ৰেমৰ কোনো সজ্ঞা নাই,
হৃদয়ৰ কোনোবা কোণত কুৰুকি কুৰুকি সোমাই থাকে এক নিঃকিন দুপৰীয়া...!!
লুকাই চোৰকৈ চোৱাতো থাকে অন্য এক মাদকতা, 
যিয়ে শিকাই যায় এক কঠোৰ বাস্তৱতা...
প্ৰতিদানবিহীন নিস্বাৰ্থতা...!! #yqbaba #yqbandhoi #yqassamese #assamese #assamesequote #assamesepoetry #assamesewriters #অসমীয়া

A Lone

এইয়া আন্ধাৰ মোৰ কোঠাত...🖤🥀 #assamesepoetry #Assamese #assamesequote #assamesewriters #AssamesePoem #অসমীয়াকবিতা #অসমীয়া #সম্পর্ক

read more

এতিয়াটো, বসন্ত মোৰ, নতুন বেদনা...
হ'বও পাৰে , ধ্বংসৰ প্ৰেৰণা...!
নিস্তব্ধতাত জ্বলি শেষ হোৱা, মোৰ অতীত...
কিনো মনত পৰিল, আজি মোৰলৈ...?
জানা, আশা বোৰ আজি নাই...!
মৰম বোৰ আজি ছাই...!
ভয় লাগে মোৰ,
অহ , কেনে বাৰু তোমাৰ ?

বহু দিন হ'ল, কবিতা লিখা নাই...
ধূলি ন ?
সকলোতে...
ক্ষমা কৰিবা, আন্ধাৰত...
এইবোৰ নেদেখি ।
সিহঁতে কয়, মই বোলে...
অহ অই...
ইমান দিনৰ মূৰত যে ?
কিনো মনত পৰিল, মোৰলৈ...!?
 এইয়া আন্ধাৰ মোৰ কোঠাত...🖤🥀



#assamesepoetry #assamese #assamesequote #assamesewriters #assamesepoem #অসমীয়াকবিতা #অসমীয়া #সম্পর্ক

R...🍁


টোপনিৰ পৰা সাৰ পাই চকু দুটা মোহাৰি নিয়ৰৰ  দূবৰিত দিয়া প্ৰথম খোজটোত উচপ্ খাই উঠো...
ভাৱনাৰ উত্তাল তৰংগৰ পৰা ভাৱনাবোৰ খহি পৰে আৰু জাৰত কঁ‌পি কঁ‌পি সিহঁতে কয়...
 "চিন্তিত নহ'বি সেয়া মাজৰাতিৰ সপোন মাত্ৰ যি পূৰ হোৱাৰ আগতেই হেৰাইছে ঠিক তেওঁৰদৰে যিদৰে চিনাকি হোৱাৰ পূৰ্ৱেই তেওঁ আঁ‌তৰিছে"...।। #yqbaba #yqbandhoi #assamesewriters #assamesequote #assameselovequote

Dr. Intaajuur Rahman

Tumar morom is much better than
Your love
Tumar du saku is much better than
You eyes
Tumar dugalot suma is much better than
You kisses
Amar maram is much better than
Our love. 
Amar okonmai tu is much better than
Our baby. 
Expressing love in your mother tongue 
Is much better than
Any other foreign language.
It has a different feelings 
On its own... #assamese #assameselovequote #assamesewriters #assam

Rikshikha kashyap

ৰৈ নোযোৱা কথাবোৰ

: আপুনি কি সঁচাকৈ জুবিন গাৰ্গৰ গান শুনে ?
: হাৰে শুনো মানে নকবা আৰু কিছুমান গান শুনি এতিয়াও কান্দি থাকোঁ । 
: হে ভগৱান ল'ৰা মানুহেও তেনেকৈ কান্দে নে ? মন যায় গানটো বেছিকৈ লাগি যায় চাগে । 
: ও ৰে সঁচাকৈয়ে । পিছে তুমি কেনেকৈ জানিলা ?
: ল'ৰাবোৰৰ সকলোৰে তেনেকুৱা হয় । বুজি পাওঁ 
: বাহ ল'ৰাৰ কথা খুব জানা মানে ।
: তেনেকুৱা নহয় মোৰ ল'ৰা বন্ধু বেছি ।
: হয় নেকি । বাৰু মই জুবিনৰ গান শুনা কথাত আচৰিত হৈছিলা যে কিয় ?
: নহয় মানে মোক বহুত অসমীয়া বন্ধুয়েই উপদেশ দিয়ে কিছুমান ইংৰাজী গীত শুনিবলৈ...ইংৰাজী strong হ'ব মোৰ বুলি..
: তুমি ভাবিছিলা চাগে মইও ক'ম । তাতে মইতো অসমীয়া নহয়...বাকী শিকিব খুজিলে নিজে নিজেই strong হ'ব সকলো ভাষা । 
: অসমত থাকি অসমীয়াত কথা পতা , সংস্কৃতিক ভালপোৱা , আঁকোৱালি লোৱা প্ৰত্যেকজন মানুহ অসমীয়া । 
ছ'ৰী মোৰ কথাই যদি আপোনাক আঘাত দিলে । মই আচলতে ইমান ভবা নাছিলোঁ । 
: হে ভগৱান ইমান কেনেকৈ ছ'ৰী কৈ থাকিব পাৰে কোনোবাই ?
: মই পাৰোঁ 😁
: পাগলী তুমি..
: নহয় মই ভালেই । কেৱল কেতিয়াবা..
: কি ?
: একো নহয় । 
: কি নো কোৱাচোন । 
: সকলো কথা ক'ব পৰা নাযায় ..
: কিছুমান কথা বুজিবলৈ ও থৈ দিব লাগে ন ?
: তেনেকুৱাই আৰু..
: তুমি ৰ'দ ভালপোৱা ন বহুত ?
: আপুনি কেনেকৈ জানিলে ?
: তোমাৰ ষ্টেটাছ বোৰত আকৌ ।
: আপুনি কি ভাল পায় ?
: বৰষুণ..
: হম বৰষুণ ভালে । কেৱল মাত্ৰ কবিতা লিখিবলৈহে...
: হে ভগৱান বৰষুণৰ নাম লওঁতেই বৰষুণ দিলে । মোৰ কাপোৰ আছে বাহিৰত । 
: বাৰু মই ৰাখিছোঁ । 
: একো নহয় লাগি থাকক ফোনটো .. গান এটা লগাই থৈছোঁ শুনিবা

" এজাক বৰষুণে মোক চুই থৈ গ'ল...."

@ঋকশিখা

©Rikshikha kashyap #Assamese #Assamesequotes #assamese_poem 
#Light

A Lone

আবিৰ

সৌৱা দেখিছা, আবিৰ...
আকাশৰ, নিভাঁজ নীলা বোৰতে,
মোক চাবা...
কাহানিবা বেজাৰতে,
অকলশৰীয়া হৈ ৰ'লে,
নিখোঁজ এন্ধাৰতে, মোক পাবা...

আৰু, যদি কেতিয়াবা...
এনে ভাব হয়,
মই, নোহোৱাৰ...
এবাৰলৈ, তোমাৰ অতল হিয়াত,
মোক, বিচাৰি যাবা... past...
loader
Home
Explore
Events
Notification
Profile